NORTHEAST NOW (Assamese)

মণিপুৰত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২০০০ অতিক্ৰম

July 21, 2020 10:17 pm · এন ই নাও নিউজ

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে।

মঙলবাৰৰ দিনটোলৈ মণিপুৰত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ২০১৫ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত বৰ্তমানলৈ ১৩৮৪ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত মুক্তি লাভ কৰাৰ বিপৰীতে এতিয়াও বিভিন্ন চিকিৎসালয়ত ৬৩১ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

বিগত ২৪ ঘণ্টাত মণিপুৰত ৯০ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰ ভিতৰত ৬৮ গৰাকী পুৰুষ আৰু ২২ গৰাকী মহিলা।

মণিপুৰৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক আৰু মুখপাত্ৰ ড০ খৌইৰম শশীকুমাৰে এই কথা টুইটাৰযোগে ৰাজহুৱা কৰে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক কেইগৰাকী পশ্চিম ইম্ফল, পূব ইম্ফল, জিৰিবাম, কাংগপোকপি, টেংগনৌপাল আৰু থৌবালৰ বাসিন্দা।

ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোককে ৰাজ্যখনৰ কোভিড-১৯ কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, বিগত ২৪ ঘণ্টাত মণিপুৰত মুঠ ৬৪ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ উভতি গৈছে।

Related News