NORTHEAST NOW (Assamese)

অসমত ১৮৮ গৰাকীলৈ বৃদ্ধি পালে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা

May 21, 2020 7:24 am · কল্পজ্যোতি শইকীয়া
Updated: May 21, 2020 9:50 am

বুধবাৰে নিশা ৰাজ্যত পুনৰ তিনিগৰাকী লোকৰ দেহত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

বৰপেটা মেডিকেল কলেজৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত এই লোক তিনিজন ক’ভিড-১৯ ত আক্ৰান্ত বুলি জানিব পৰা যায়।

এই তিনিজন সহিতে ৰাজ্যত বৰ্তমান ১৮৮ গৰাকীলৈ বৃদ্ধি পালে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা প্ৰায় ১২.১০ বজাত টুইটাৰযোগে এই কথা জনাইছে।

উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ৩১ গৰাকীকৈ লোক মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হয়।

বৰ্তমান ১৩৩ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪৮ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

আনহাতে এই পৰ্যন্ত ক’ৰ’নাৰ ফলত চাৰিগৰাকী লোক মৃত্যু মুখত পৰিছে।

মঙলবাৰে ৰাজ্যখনত সৰ্বাধিক ৪২ গৰাকীকৈ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

Related News