• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পেকেজ ৰূপায়ণ সন্দৰ্ভত বেংক কতৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পেকেজ ৰূপায়ণ আৰু পৰ্যবেক্ষণৰ বাবে বেংকসমূহৰ প্ৰতিনিধি অন্তৰ্ভুক্তকৰণেৰে ৰাজ্য চৰকাৰে গঠন কৰিব এখন সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 7:47 am
viewimage.php
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষিত দেশজোৰা লকডাউনে দুৰ্বল কৰা অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ তথা অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহলৈ ঋণৰ প্ৰৱাহ বৃদ্ধি কৰাৰ বাবে সুনিৰ্দিষ্ট কৰ্মআঁচনি প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহক আহ্বান জনাইছে।

কালি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ্ছ সমিতিৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আহ্বান জনায়।

Apply Now

বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই অৰ্থনৈতিক পেকেজৰ ৰূপায়ণ আৰু পৰ্যবেক্ষণৰ বাবে ৰাজ্য চৰকাৰে এখন সমিতি গঠন কৰিব য’ত বেংকসমূহৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হ’ব।

এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো খণ্ডই যাতে এই পেকেজৰ পৰা লাভান্বিত হ’ব পাৰে সেই দিশটোও ৰাজ্য চৰকাৰে নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পেকেজৰ সফল ৰূপায়ণৰ বাবে বেংকসমূহৰ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাৰ বাবে আয়োজিত আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত অৰ্থনৈতিক উত্থানৰ বাবে ঘোষিত এই পেকেজ এক ঐতিহাসিক পদক্ষেপ আৰু বেংকসমূহে অৰ্থনৈতিক উত্থানৰ দিশত অগ্ৰণী ভূমিকা ল’ব লাগিব।

ৰাজ্যৰ অৰ্থনীতিত অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই সংকটৰ সময়ত উদ্যোগীসকললৈ অধিক হাৰত ঋণৰ সুবিধা আগবঢ়োৱাৰ বাবে বেংকসমূহক আহ্বান জনায়।

বজাৰত অধিক নগদ ধনৰ প্ৰবাহ সুনিশ্চিত কৰাৰ বাবে অধিক হাৰত ঋণ মোকলাই দিয়াৰ ক্ষেত্ৰত এক সুনিৰ্দিষ্ট কৰ্ম আঁচনি যুগুতাই উলিয়াবলৈও মুখ্যমন্ত্ৰীয়ে বেংকসমূহক পৰামৰ্শ আগবঢ়ায়।

এই দিশত ইতিবাচক পদক্ষেপ ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ঋণসমূহ সময়মতে পৰিশোধ কৰাটো সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাত মিলিত হ’বলৈ বেংক কতৃÇপক্ষক পৰামৰ্শ আগবঢ়ায়।

তেওঁ লগতে কয় যে কোভিড-১৯ মহামাৰীয়ে অৰ্থনৈতিক খণ্ডত ৰাজ্যখনৰ সবলতা আৰু দুৰ্বলতাসমূহ চিনাক্তকৰণৰ বাবে এক সুযোগ প্ৰদান কৰিছে আৰু ৰাজ্যৰ অৰ্থনীতিৰ উত্থানৰ দিশত এই অভিজ্ঞতাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।

বৈঠকত ভাষণ প্ৰদান কৰি স্বাস্থ্য, বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰতিক আৰ্থিক সংকট প্ৰতিহত কৰাৰ যঁজত নেতৃত্ব ল’বলৈ তথা ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘আত্মনিৰ্ভৰ অসম’ৰ ধাৰণা বাস্তৱায়িত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিবলৈ বেংকসমূহৰ প্ৰতি আহ্বান জনায়।

আৰ্থিক পেকেজৰ বিভিন্ন দিশৰ বিশ্লেষণ আগবঢ়াই ডঙ্ম শৰ্মাই কয় যে এতিয়া অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে কোনো ধৰণৰ বন্ধকী নোহোৱাকৈও ঋণ লাভৰ সুযোগ লাভ কৰিব আৰু সেয়েহে বেংকসমূহেও বজাৰত মূলধনৰ প্ৰৱাহ ত্বৰান্বিত কৰাৰ বাবে অধিক হাৰত ঋণ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব লাগিব।

কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ প্ৰদানৰ ক্ষেত্ৰত দুগ্ধ উৎপাদন, গাহৰি পালন আদিকো সামৰি লোৱাৰ ফলত কৃষকসকল বহুলভাৱে উপকৃত হ’ব বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে এই খণ্ডসমূহৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ আগবঢ়োৱাৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ বেংকসমূহক পৰামৰ্শ আগবঢ়ায়।

ডঃ শৰ্মাই লগতে কয় যে এক স্বতন্ত্ৰ মূল্যায়কৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰধানমন্ত্ৰীৰ আৰ্থিক পেকেজ ৰূপায়ণত উৎকৃষ্ট প্ৰদৰ্শন কৰাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰে বেংকসমূহলৈ তিনিটা বঁটা প্ৰদান কৰিব।

বৈঠকত বেংকিং সংস্থাসমূহক প্ৰতিনিধিত্ব কৰি ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহাপ্ৰৱন্ধক সুনীল টেণ্ডন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰৱন্ধক এছ এছ সাহা, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰূপালী কলিতা আৰু বেংক অৱ ইণ্ডিয়া তথা ইণ্ডিয়ান বেংকৰ বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ আৰ্থিক পেকেজৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd