পুৰণিগুদামত বিদ্যুত পৰিবাহী খুঁটাত লাগি গৰুৰ মৃত্যু; গৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা
বিদ্যুতৰ খুটাত লাগি মৃত্যু হোৱা গৰুটো
বিগত সময়ত শক্তি বিভাগৰ বিভিন্ন আজব কাণ্ডই সমগ্ৰ অসমতে আতংকৰ সৃষ্টি কৰাৰ মাজতে শুকুৰবাৰে দুপৰীয়া নগাঁৱৰ পুৰণিগুদামত আন এক ভয়াবহ কাণ্ড সংঘটিত হয়।
নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে নগাঁৱৰ পুৰণিগুদামৰ গড়মুৰৰ সমীপত নতুনকৈ সংস্থাপিত কৰা বিদ্যুতৰ খুঁটাত লাগি এটা গৰুৰ মৃত্যু হোৱাৰ লগতে কথমপি বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে গৃহস্থগৰাকী।
আনহাতে সংশ্লিষ্ট বিভাগৰ অধীনৰ ঠিকাদাৰৰ গাফিলতিৰ সন্দেহ প্ৰকাশ কৰি তথা বিদ্যুৎ সংযোগ নিদিয়াৰ পিছতো কেনেকৈ বিদ্যুতৰ নতুন খুঁটাটোত বিদ্যুৎ পৰিবাহিত হ’বলৈ পালে তাকলৈ সম্প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে।
অৱশ্যে কিছু সময়ৰ পাছত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ বিদ্যুৎ কৰ্তন কৰোৱাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।