মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন

ফটো: নৰ্থইষ্ট নাও।

বস্তুৰ চৰাদামৰ বিৰুদ্ধে আজি চি পি আইয়ে গ্ৰহণ কৰা ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰতো দলটোৰ নেতা-কৰ্মীসকলে ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন কৰি শিৱসাগৰ জিলা উপায়ুক্ত যোগেদি চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহু চিপিআইৰ কৰ্মকৰ্তাই সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধি ৰোধ কৰক, সকলো জীৱনদায়িনী ঔষধ আৰু নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল ডিজেলৰ বৰ্দ্ধিতমূল্য হ্ৰাস কৰক আৰু ইয়াক জি এছ টিৰ অন্তভুৰ্ক্ত কৰক, অবৈধ মজুতকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰক, ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনি কৰাসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, বৃহৎ বনিয়া গোষ্ঠীৰ সৈতে চৰকাৰৰ অবৈধ লেনদেন বন্ধ কৰক, বিদ্যুত বিল ২০২১ শীঘ্ৰেই বাতিল কৰক আদি শ্ল’গান দি উপায়ুক্ত কাৰ্যালয় সন্মুখত উত্তাল কৰি তোলে আৰু মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: অসমত বিজেপি চৰকাৰৰ বিকাশ! ঠেলাত তুলি চিকিৎসাৰ বাবে অনা হ’ল গৰ্ভৱতী মহিলাক

প্ৰতিবাদস্থলীত চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধৰ্ম বৰুৱাই বক্তব্য ৰাখি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

কনক গগৈয়ে মুখ্যমন্ত্ৰীক ৰাইজৰ হৈ প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে চৰকাৰ পৰিচালনা কৰিছে নে বনিয়া গোষ্ঠীয়ে পৰিচালনা কৰিছে অসমবাসীয়ে জানিব বিচাৰিছে।

তেওঁ ইয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে যদি আপানোলোকে চৰকাৰ চলাইছে তেন্তে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ৷ যদি বনিয়া গোষ্ঠীয়ে চৰকাৰ পৰিচালনা কৰিছে তেন্তে ৰাইজক স্পষ্টকৈ জনাই দিয়ক ৰাইজে ইয়াৰ বিহিত ব্যৱস্থা ল’ব ৷

লগতে পঢ়ক: পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ; এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

চৰকাৰখন সম্পূৰ্ণৰূপে বৃহৎ ধনীক শ্ৰেণীৰ স্বাৰ্থত কাম কৰা চৰকাৰ বুলি তেওঁ সমালোচনা কৰে ৷ কেৱল নিৰ্বাচনৰ সময়তহে চৰকাৰে সাধাৰণ জনতালৈ মনত পেলায় বুলিও তীব্ৰ সমালোচনা কৰে ৷ সেয়ে সকলো ৰাইজক মুল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনায় ৷