• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন আয়োগক চিপিআই(এম)ৰ সাক্ষাৎ : ৰাজ্যত শুদ্ধ ভোটাৰ তালিকা প্ৰণয়ন আৰু সুস্থ নিৰ্বাচনৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2026 7:35 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ আগে আগে অসম ভ্ৰমণলৈ অহা মুখ্য নিৰ্বাচন আয়ুক্ত সহ ভাৰতৰ নিৰ্বাচন আয়োগৰ সদস্যসকলক  আজি ১৭ ফেব্ৰুৱাৰীত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ তিনিজনীয়া এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰি ৰাজ্যত সকলো বৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰণয়ন আৰু নিকা, স্বচ্ছ তথা সুস্থ নিৰ্বাচনৰ দাবী জনায়।

পাৰ্টিৰ প্ৰতিনিধি দলটোত আছিল ৰাজ্যিক সম্পাদকমণ্ডলী তথা কেন্দ্ৰীয় কমিটিৰো সদস্য ইচ্‌ফাকুৰ ৰহমান, সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথ আৰু পাৰ্টিৰ ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ সদস্য পৰিমল সেন।

Apply Now

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ হৈ প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে —(১)বিশেষ সংশোধন (SR) সম্পৰ্কীয় চৰকাৰী তথ্য অনুসাৰে ৰাজ্যজুৰি ৩৫,৯৪,৯৮৩টা দাবী আৰু আপত্তি লাভ কৰা হৈছিল। ইয়াৰ ভিতৰত ৭ নং ফৰ্মৰ জৰিয়তে ১২,৯৭,৭৯৬ জন লোকৰ নাম খচৰা ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বাবে দাখিল আৰু ১০,৬৩, ৬৪৭জনৰ বিৰুদ্ধে আপত্তি গৃহীত হয়। বৈধ কাৰণত নাম বাতিল যি কোনো সংশোধনৰ অংশ হ’লেও, এই বিপুল সংখ্যক নাম কৰ্তন সংবিধানৰ ৩২৬ নং অনুচ্ছেদত প্ৰদত্ত ভোটাধিকাৰৰ বিষয়টো প্ৰক্ৰিয়াগত ত্ৰুটি বা কোনো অশুভ শক্তিৰ দ্বাৰা ৭ নং ফৰ্ম অপব্যৱহাৰৰ জৰিয়তে খৰ্ব কৰাৰ বিষয়টো বিশ্লেষণ আৰু পৰ্যালোচনা কৰাৰ বাবে পাৰ্টিয়ে দাবী কৰে। কাৰণ বহু স্থানত একেলগে বৃহৎ সংখ্যক ৭ নং ফৰ্ম দাখিল কৰা, আপত্তিকাৰীৰ  সন্দেহজনক পৰিচয় আৰু বহু আপত্তিকাৰীয়ে নিজৰ প্ৰকৃত নাম লুকুৱাই অন্য ব্যক্তিৰ নাম ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে, (২) কিছুমান সমষ্টিত বিশেষকৈ পূৰ্ববংগীয় মূলৰ মুছলমান ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলক লক্ষ্য কৰি জধে-মধে ব্যাপক হাৰত আপত্তি উত্থাপন কৰা হৈছে। বহু ঠাইত থলুৱা মুছলমান আৰু অসমীয়া হিন্দু মানুহো নিৰ্বিচাৰ নাম কৰ্তনৰ পৰা ৰেহাই পোৱা নাই। বহু জীৱিত ভোটাৰে পাছত জানিব পাৰিছে যে তেওঁলোকক “মৃত”, “অনুপস্থিত” বা “স্থানান্তৰিত” বুলি চিহ্নিত কৰি নাম কাটি দিয়া হৈছে। কিছুমান জিলাত শাসকীয় দলৰ কৰ্মকৰ্তাসকলে বৃহৎ পৰিমাণৰ আপত্তি দাখিলত সহায় কৰা বা উদ্যোগ লোৱাৰ অভিযোগ উঠিছে। এনে ঘটনা ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ এক গুৰুতৰ বিকৃতি আৰু ভোটাধিকাৰত বৈষম্যমূলক হস্তক্ষেপ। তথাপিও মিছা বা কু-উদ্দেশ্যমূলক আপত্তিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ইয়াৰ ফলত প্ৰক্ৰিয়াটো তথা আয়োগৰ নিৰপেক্ষতাৰ ওপৰত ৰাইজে আস্থা হেৰুৱাইছে, (৩) খচৰা তালিকা প্ৰকাশৰ পাছত বহু ভোটাৰে ৮ নং ফৰ্ম দাখিলৰ জৰিয়তে তালিকাত নাম অন্তৰ্ভুক্তিৰ আৱেদন দাখিলৰ সুযোগেই নাপালে। উচ্ছেদ অথবা প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন কাৰণত স্থানান্তৰিত হোৱা বা ঠিকনা সলনি কৰা প্ৰকৃত ভোটাৰে নিজৰ নাম ৮ নং ফৰ্মৰ জৰিয়তে সংশোধন কৰিব নোৱাৰিলে যদিও একপক্ষীয়ভাৱে ৭ নং ফৰ্মৰ ব্যাপক অপব্যৱহাৰৰ জৰিয়তে বিপুল সংখ্যক বৈধ ভোটাৰৰ নাম কৰ্তন কৰা হয়। সংশোধন আৰু অন্তৰ্ভুক্তিৰ বৈধ সুযোগ অস্বীকাৰ কৰি কেৱল নাম কৰ্তনৰ অনুমোদন কৰাটো স্বাভাৱিক ন্যায়ৰ মূল নীতিসমূহৰ পৰিপন্থী, (৪) সমষ্টি আৰু জিলা ভিত্তিক তথ্যত দেখা গৈছে যে কিছুমান অঞ্চলত অস্বাভাৱিক হাৰত নাম কটা হৈছে। বিশেষকৈ বান-গৰাখহনীয়া, উচ্ছেদ অথবা আৰ্থিক সংকটত জীৱন-জীৱিকাৰ সন্ধানৰ বাবে স্থানচ্যুত নাগৰিকসকলৰ নাম কৰ্তন কৰা হৈছে। জীৱিত লোকক ‘মৃত’ অথবা অস্থায়ীভাৱে স্থানান্তৰিত লোকসকলক ‘অনুপস্থিত’ বুলি চিহ্নিত কৰি নাম কৰ্তন কৰাটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয় বুলি চিপিআই(এম)ৰ স্মাৰক পত্ৰত উল্লেখ কৰা হয়।

চিপিআই(এম)ৰ স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহৰ ভিতৰত আছে—-

(ক) বৃহৎ পৰিমাণে ৭ নং ফৰ্মৰ জৰিয়তে আপত্তি দাখিল কৰা সমষ্টিবোৰত ভোট কেন্দ্ৰ ভিত্তিক পৰ্যালোচনা তথা পুনৰীক্ষণ কৰি নাম কৰ্তন হোৱা প্ৰকৃত ভোটাৰসকলৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা, (খ) মিছা পৰিচয়ৰ বা প্ৰৱঞ্চনামূলক আপত্তি দাখিলকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ, (গ) ৮ নং ফৰ্ম দাখিলত বাধাপ্ৰাপ্ত ভোটাৰসকলক তাৎক্ষণিকভাৱে আৱেদন আৰু সংশোধন তথা তালিকাত অন্তৰ্ভুক্তিৰ সুযোগ প্ৰদান কৰা, (ঘ) বৰ্তমান দাখিল কৰা ৬ নং ফৰ্মৰ আৱেদন ১৫ দিনৰ ভিতৰত নিষ্পত্তি কৰা, (ঙ) পুৰণি আৰু নতুন ভোটাৰ পৰিচয়ৰ (EPIC) নম্বৰসমূহৰ মাজত সংযোগ স্থাপন আৰু পুৰণি নম্বৰ সংৰক্ষণ কৰি ভোটাৰ পৰিচয়ৰ ধাৰাবাহিকতা নিশ্চিত কৰা, (ঙ) ডি-ভোটাৰ ব্যৱস্থা বিলোপ কৰা, (চ) নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে কাৰ্যকৰী কৰি শাসক দলৰ দ্বাৰা চৰকাৰী যন্ত্ৰপাতিৰ অপব্যৱহাৰ, ধনবল-বাহুবল আৰু প্ৰলোভন-ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কঠোৰভাৱে ৰোধ কৰা আদি।সকলো বৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকাৰ শুদ্ধতা, স্বচ্ছতা আৰু মুক্ত পৰিৱেশত অবাধ আৰু সুস্থ নিৰ্বাচন সাংবিধানিক গণতন্ত্ৰৰ মূল ভিত্তি। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বিশ্বাসযোগ্যতা নিৰ্ভৰ কৰিব নিৰ্বাচন আয়োগৰ পক্ষপাতহীনতা তথা কাম-কাজৰ স্বচ্ছতা, শুদ্ধ ভোটাৰ তালিকা প্ৰণয়ন আৰু আইনৰ কঠোৰ পালন নিশ্চিত কৰাৰ বাবে আয়োগে গ্ৰহণ কৰিব লগা দৃঢ় পদক্ষেপৰ ওপৰত বুলি স্মাৰক পত্ৰৰ সামৰণিত উল্লেখ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd