• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিৰোধী ঐক্যত ফাঁট : কংগ্ৰেছৰ লগত মতানৈক্যৰ বাবে অসম সন্মিলিত মৰ্চা ত্যাগ চিপিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2026 7:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ঐক্যমঞ্চ ‘অসম সন্মিলিত মৰ্চা’ৰ ভিতৰচ’ৰাত ব্যাপক খহনীয়া আৰম্ভ হৈছে। শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে একগোট হৈ যুঁজ দিয়াৰ সংকল্প লোৱাৰ মাত্ৰ দুমাহ নৌহওঁতেই মৰ্চাৰ অন্যতম অংশীদাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

মৰ্চাৰ ভিতৰত দেখা দিয়া এই বিভাজনে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ কংগ্ৰেছ দলৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰত হোৱা মতানৈক্যৰ বাবেই এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি চিপিআইয়ে স্পষ্ট কৰি দিছে।

Apply Now

চিবিআইয়ে জানিবলৈ দিয়া মতে তেওঁলোকে শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰ সমষ্টিত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। ইতিমধ্যে কেইবাটাও সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামো প্ৰস্তাৱ কৰা হৈছে। তিতাবৰৰ বাবে বিশ্বজিত শইকীয়া, ঢকুৱাখনাৰ বাবে ধীৰেন কছাৰী, গৌৰীপুৰৰ বাবে শ্বেখ মনচুৰ ৰহমান, মৰিগাঁৱৰ বাবে সপন ডেকা, ডিমৌৰ বাবে কৃষ্ণ গগৈ আৰু নাজিৰা সমষ্টিৰ বাবে কনক গগৈৰ নাম দলীয়ভাৱে আলোচনা কৰা হৈছে। শিৱসাগৰ সমষ্টিৰ বাবে চাৰিজনকৈ প্ৰাৰ্থীৰ নাম জিলা পৰ্যায়ৰ পৰা প্ৰেৰণ কৰা হৈছে।

দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে ক্ষোভেৰে প্ৰকাশ কৰিছে যে যোৱা ২ জানুৱাৰীতে তেওঁলোকে কংগ্ৰেছক সাতখন আসনৰ দাবী জনাইছিল যদিও বিগত ২৫ দিন ধৰি কংগ্ৰেছৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। ইয়াৰ বিপৰীতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ দৰে দলসমূহৰ সৈতে কংগ্ৰেছে চলোৱা আলোচনাৰ খবৰে চিপিআইৰ নেতৃত্বক মৰ্মাহত কৰিছে। আনকি মৰ্চাৰ ভিতৰত চিপিআইৰ প্ৰাসংগিকতাক লৈও প্ৰশ্ন উত্থাপন হোৱা বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিতত নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে দলটোৱে অকলশৰে আগবাঢ়িবলৈ সিদ্ধান্ত লৈছে।

অৱশ্যে মৰ্চাই তেওঁলোকৰ সৈতে উপযুক্ত আলোচনা কৰে আৰু সন্মত হয়, তেন্তে তেওঁলোকে আসনৰ সংখ্যা হ্ৰাস কৰিবলৈও সাজু আছে বুলি জানিবলৈ দিছে। মন কৰিবলগীয়া যে ২০২৫ চনৰ নৱেম্বৰ মাহত বিজেপিৰ বিৰুদ্ধে এখন সবল মঞ্চ গঢ়ি তোলাৰ স্বাৰ্থতে এই মৰ্চা গঠন কৰা হৈছিল। কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আসন ভাগ-বাটোৱাৰাক লৈ সৃষ্টি হোৱা এই সংঘাতৰ বাবে মৰ্চাৰ ঐক্য এতিয়া তীব্ৰ সংকটৰ মুখত পৰিছে। ইফালে ৩১ জানুৱাৰীৰ ভিতৰত আসন চূড়ান্ত কৰিবলৈ আন দুই সহযোগী দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও কংগ্ৰেছক সময়সীমা বান্ধি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd