মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি শিক্ষা বিভাগৰ টোগলকী কাণ্ডকলৈ উদ্বিগ্ন ৰাজ্যৰ সমগ্ৰ চৰকাৰী শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল। অনুৰূপ পৰিবেশ নগাঁও জিলাৰ একাংশ বিদ্যালয়তো দেখিবলৈ পোৱা গৈছে সোমাবাৰৰ দিনটোত।
মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি নগাঁৱ জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী ৪৭৫নং পুটনি মুক্তাব প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক তথা স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ বিক্ষোভ।
বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে অতি নিম্ন মানদণ্ডৰ আহাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণৰ কৰিবলৈ অনাক কেন্দ্ৰ কৰি এন জি অ’টোৰ বিৰুদ্ধে চুড়ান্ত ক্ষোভ প্ৰকাশ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু একাংশ স্থানীয় ৰাইজে।
নিম্ন মানৰ আহাৰ বিতৰণৰ বাবে অহা ‘মুনলাইট’ নামৰ এন জি অ’টোক আহাৰ বিতৰণৰ কৰিবলৈ বাধা প্ৰদান কৰি ৰাইজে বিদ্যালয়খনৰ পৰা ঘূৰাই পঠিয়লে। লগতে এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ এন জি অ’টোক সকীয়নি দিয়ে।
তাৰোপৰি পৰৱৰ্তী দিনবোৰত এনে ধৰণেৰে শিশুৰ জীৱনৰ লগত হেতালি খেলি অখাদ্য বিতৰণ কৰিব বিচাৰিলে সংশ্লিষ্ট এন জি অ’টোৰ লগতে বিয়াগোম শিক্ষা বিভাগৰ বিৰুদ্ধেও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে।
আনহাতে পুৰণিগুদামৰ হালোৱাগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়তো মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বিদ্যালয়খনৰ শিক্ষক-অভিভাৱক সকলে মুনলাইট নামৰ এন জি অ’টোৱে ছাত্ৰ-ছাত্ৰীৰ বাবে অনা অনুপযোগী খাদ্যখিনি পেলাই দিয়ে। ইয়াকে কেন্দ্ৰ কৰি আজি বিদ্যালয়খনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।