• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুদিনতে টেষ্ট জিকি ওলোটাই বিপদত পৰিছে অষ্ট্ৰেলিয়া; ক্ষতি ১৭ কোটি টকাতকৈও অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2025 1:41 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সচৰাচৰ হোৱাৰ দৰে অষ্ট্ৰেলিয়া এতিয়া আনন্দৰ সাগৰত ওপঙি থকাৰ কথা। পাৰ্থত ৮ উইকেটৰ ডাঙৰ জয়েৰে এছেজৰ আৰম্ভণি কৰে ষ্টিভেন স্মিথ আৰু তেওঁৰ দলটোৱে। এই জয় কেৱল সাধাৰণ নাছিল, তেওঁলোকে মাত্ৰ দুদিনতে আলহী দল ইংলেণ্ডক পৰাস্ত কৰিছিল।

কিন্তু ইমান বিশাল জয়ৰ পিছতো ক্ৰিকেট অষ্ট্ৰেলিয়া (CA)ৰ বাবে ডাঙৰ চিন্তা হৈছে। মাত্র দুদিনৰ ভিতৰতে খেলখন সমাপ্ত হোৱাত এতিয়া দেশৰ ক্ৰিকেট ব’ৰ্ডে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ধনৰ পৰিমাণ ৩০ লাখ অষ্ট্ৰেলিয়ান ডলাৰতকৈও অধিক, যিটো ভাৰতীয় মুদ্ৰাত ১৭ কোটিৰো অধিক।

Apply Now

বাতৰি মতে, অষ্ট্ৰেলিয়া-ইংলেণ্ড পাৰ্থ টেষ্টৰ তৃতীয় আৰু চতুৰ্থ দিনত কেৱল টিকট বিক্ৰীৰ পৰাই ৩০ লাখ ডলাৰতকৈ অধিক উপাৰ্জন হোৱাৰ সম্ভাৱনা আছিল, যিটো এতিয়া লোকচানৰ একাউণ্টত যোগ হ’ব। শুকুৰবাৰে পাৰ্থ টেষ্টৰ প্ৰথম দিনটোত খেলখন চাবলৈ গেলেৰীত উপস্থিত আছিল ৫১,৫৩১ জন দৰ্শক। শনিবাৰে ৪৯,৯৮৩ জন লোক আহিছিল, যিটো যোৱা বছৰৰ অষ্ট্ৰেলিয়া-ভাৰতৰ মেচতকৈ অধিক। দুদিনত খেলখনত ৯৬,৪৬৩ জন দৰ্শক আছিল।

অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বাবে এছেজ সদায় এক মৰ্যাদাৰ যুঁজ। দুয়োখন দেশৰ দৰ্শকে খেলপথাৰত বহি খেল চাবলৈ আগ্ৰহী। তদুপৰি দেওবাৰটো ছুটিৰ দিন, গতিকে ভিৰো বেছি। পাঁচদিনীয়া খেলখনৰ বাবে গুৰুত্বপূৰ্ণ সময় হিচাপে বিবেচিত পাৰ্থ টেষ্টত দেওবাৰে খেলখনৰ তৃতীয় দিন আছিল।

মুঠতে ৬০ হাজাৰ আসনৰ পাৰ্থ ষ্টেডিয়ামত তৃতীয় দিনটোৰ বেছিভাগ টিকট বিক্ৰী হৈ গৈছিল। কিন্তু এই দৰ্শকসকলৰ খেলপথাৰলৈ অহাৰ হেপাঁহ কালি খেলপথাৰতে ‘শেষ হৈ থাকিল’। প্ৰথমে ইংলেণ্ডে অতি আক্ৰমণাত্মক বেটিং কৰিবলৈ গৈ দ্বিতীয় ইনিংছত ৩৪.৪ অভাৰত অল আউট হৈছিল। তাৰ পিছত অষ্ট্ৰেলিয়াই ২০৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ২৮.২ অভাৰত মেচখন জয় কৰে। অকল ট্ৰেভিছ হেডেই ৮৩টা বলত ১২৩ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় দিনৰ আৰম্ভণিতে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ চিইঅ’ টড গ্ৰীনবাৰ্গে কয় যে খেলখন আগতীয়াকৈ শেষ হ’লে বৃহৎ আৰ্থিক লোকচান হ’ব। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ তেতিয়াও শেষ হোৱা নাছিল যদিও তেওঁ এছ ই এন ৰেডিঅ’ক ধেমালি কৰি কয় যে খেলখন তৃতীয় দিনটোলৈ নাযায় যেন লাগে।

তৃতীয় দিনটোত খেলখন নগ’লে কি ক্ষতি হ’ব তাৰ ধাৰণা দি তেওঁ কয়, “বহু অংশীদাৰৰ লোকচান হ’ব। প্ৰথমতে সম্প্ৰচাৰকসকলৰ। আমাৰ ক্ৰিকেট ব’ৰ্ডৰো ক্ষতি হ’ব, বিশেষকৈ টিকট বিক্ৰীৰ অভাৱৰ বাবে। আমাৰ পৃষ্ঠপোষক আৰু অন্যান্য অংশীদাৰসকলেও ক্ষতিগ্ৰস্ত হ’ব। এই ছিৰিজৰ আৰ্থিক প্ৰভাৱ বৃহৎ।”

পাৰ্থ টেষ্টখন দ্ৰুতগতিত শেষ হৈ যোৱাৰ ফলত শৃংখলাৰ দ্বিতীয়খন মেচৰ বাবে অপেক্ষা সকলো পক্ষৰ বাবে দীঘলীয়া হৈ পৰিছে। ব্রিজবেনত পৰৱৰ্তী টেষ্ট ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd