প্ৰব্ৰজিত শ্ৰমিকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ক্ৰিকেটাৰ মহম্মদ ছামি

ভাৰতত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰব্ৰজিত শ্ৰমিকসকলক লৈও কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সমূহ সমস্যাত পৰা পৰিলক্ষিত হৈছে।

চৰকাৰে সমস্যা বুলি ভবা তথা আৰ্থিক সংকটে জুৰুলা কৰা এইসকল শ্ৰমিকক সহায় কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামি।

ক্ৰিকেটাৰ গৰাকীয়ে প্ৰশাসনৰ সহযোগত শ্ৰমিক-মজদুৰ সকলক পাৰ্যমানে সহায় আগবঢ়াই আছে।

লকডাউনৰ বাবে গৃহ জিলা আমৰোহাতে আৱদ্ধ হৈ থকা ছামিয়ে নিজে দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত থাকি বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ ৰাওনা হৈ থকা শ্ৰমিক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

ক্ৰিকেটাৰ গৰাকীয়ে জনোৱা অনুসৰি তেওঁ দৈনিক ৮ৰ পৰা ১০ হাজাৰ লোকক ফল-মূল, পানীৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰদান কৰি আছে।

মহম্মদ ছামিয়ে লগতে সকলো লোককে আহ্বান জনাই কয় যে পৱিত্ৰ ৰমজান মাহ চলি আছে, এই সময়ত সকলোৱে নিজৰ নিজৰ সাধ্যানুসাৰে প্ৰয়োজনীয় সকলক সহায় কৰক।

ছামিয়ে নিজৰ জিলাখনত এজনো যাতে লোক ভোকত নাথাকে তাৰ বাবে এই পৱিত্ৰ মাহটিত এনেধৰণৰ কাম কৰি যোৱা বুলি উল্লেখ কৰিছে।