দেশত অসুৰক্ষিত শিশু-মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ লোক! বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত ফাদিল দেশৰ উদ্বেগজনক পৰিস্থিতি

National Crime Records Bureau Report

দেশত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। কেন্দ্ৰীয় চৰকাৰে দেখুওৱা সু-শাসনৰ স্বপ্নৰ আঁৰত বৃদ্ধি পাইছে শিশু, মহিলা আৰু অনুসূচীত জাতি-জনজাতিৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্যকলাপ। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত দেশত মহিলাৰ ওপৰত হোৱা হিংসাৰ ঘটনা ৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত মহিলাৰ ওপৰত ৪,২৮,২৭৮টা হিংসাৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২২ চনত এনেধৰণৰ ৪,৪৫,২৫৬টা কাণ্ড সংঘটিত হৈছে।

অৰ্থাৎ ১ বছৰত মহিলাৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ সংখ্যা ১৬,৯৭৮ টা বৃদ্ধি পাইছে। এন চি আৰ বি- ৰ পৰিসংখ্যা অনুসৰি ৩১.৪ শতাংশ মহিলাৰ ওপৰত স্বামী বা পৰিয়ালৰ সদস্যই নিৰ্যাতন চলাইছে।

ইফালে ২০২২ চনত দেশত ৩১,৫১৬টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। দেশৰ ভিতৰতে এইক্ষেত্ৰত শীৰ্ষত আছে ৰাজস্থান। ২০২২ চনত ৰাজস্থানত এনেধৰণৰ ঘটনা ৫৩৯৯টা সংঘটিত হৈছিল।

ৰাজস্থানৰ পিছতে এই তালিকাত আছে উত্তৰ প্ৰদেশ (৩,৬৯০), মধ্যপ্ৰদেশ (৩,০২৯), মহাৰাষ্ট্ৰ (২,৯০৪) আৰু হাৰিয়ানা (১,৭৮৭)। কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক ধৰ্ষণ সংঘটিত হৈছে দিল্লীত।

আনহাতে ২০২২ চনত শিশু নিৰ্যাতনৰ ১,৬২,৪৪৯টা গোচৰ ৰুজু হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ২০২১ চনৰ তুলনাত শিশু নিৰ্যাতনৰ হাৰ ৮.৭ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত শিশু নিৰ্যাতনৰ ১,৪৯,৪০৪টা ঘটনা সংঘটিত হৈছিল।

একেদৰে দেশত অনুসূচিত জাতি-জনজাতিৰ ওপৰতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ। ২০২২ চনত অনুসূচিত জাতিৰ বিৰুদ্ধে অত্যাচাৰৰ ঘটনা ১৩.১ শতাংশ বৃদ্ধি পাইছে।

২০২১ চনত দেশত এনে ঘটনা সংঘটিত হৈছিল ৫০,৯০০টা। আনহাতে ২০২২ চনত অপৰাধৰ ঘটনা ৫৭,৫৮২ লৈ বৃদ্ধি পাইছে। অনুসূচিত জনজাতিৰ লোকৰ বিৰুদ্ধে ২০২২ চনত ১১.১ শতাংশ অত্যাচাৰ বৃদ্ধি পাইছে।

সমান্তৰালভাৱে ২০২১ চনৰ তুলনাত ২০২২ চনত চাইবাৰ অপৰাধৰ প্ৰাদুৰ্ভাৱ ২৪.৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত দেশত ৫২,৯৭৪টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছিল। ২০২২ চনত সংঘটিত হৈছে ৬৫,৮৯৩টা।

এই প্ৰতিবেদনত জ্যেষ্ঠ নাগৰিকৰ ওপৰত অত্যাচাৰৰ ঘটনা বৃদ্ধি পোৱা বুলিও প্ৰকাশ পাইছে। ২০২২ চনত দেশত জ্যেষ্ঠ নাগৰিকৰ ওপৰত ২৮,৫৪৫টা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল।

২০২১ চনত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল ২৬,১১০টা। অৰ্থাৎ ২০২১ চনৰ তুলনাত দেশত জ্যেষ্ঠ নাগৰিকসকলৰ ওপৰত ৯.৩ শতাংশ অপৰাধ বৃদ্ধি পাইছে।

২০২২ চনত দেশত মুঠ ২৮৫২২টা হত্যাৰ অভিযোগ দাখিল কৰা হৈছিল। অৰ্থাৎ ২০২২ চনত প্ৰতিদিনে ৭৮ জন লোকৰ মৃত্যু হৈছিল। ২০২১ চনত এই সংখ্যা আছিল ২৯,২৭২ আৰু ২০২০ চনত ২৯,১৯৩।