• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুদ্ধবিৰতিৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণ পাকিস্তান-আফগানিস্তানৰ; কমেও ১৭ জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2025 11:18 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধবিৰতিৰ মাজতে পাকিস্তান আৰু আফগানিস্তানে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ দাবী কৰিছে। যোৱা শুকুৰবাৰে নিশা আফগানিস্তানত পাকিস্তানৰ বিমান আক্ৰমণত ১০ জন লোক নিহত হোৱা বুলি দাবী কৰিছে কাবুলে। ইছলামবাদৰ দাবী যে আফগান সীমান্তত আত্মঘাতী আক্ৰমণত ৭ জন পাকিস্তানী জোৱান নিহত হৈছে।

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্ত অঞ্চলত কেইবাদিনো ধৰি চলি থকা ৰক্তাক্ত সংঘৰ্ষৰ অন্তত বুধবাৰে সন্ধিয়া দুয়োপক্ষৰ মাজত ৪৮ ঘণ্টীয়া যুদ্ধবিৰতি কাৰ্যকৰী হয়। শুকুৰবাৰে সন্ধিয়া যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে দুয়োপক্ষই আৰু ৪৮ ঘণ্টাৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰিবলৈ সন্মত হয়।

Apply Now

আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে দুয়োপক্ষই আৰম্ভ কৰিছে ‘শান্তি আলোচনা’। শনিবাৰে কাটাৰৰ ৰাজধানী ডোহাত দুয়োপক্ষৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে প্ৰথম ৰাউণ্ডৰ বৈঠক অনুষ্ঠিত কৰে।

ইপিনে, পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে শনিবাৰে কয় যে আফগানৰ মাটি ব্যৱহাৰ কৰি পাকিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ চলোৱা হৈছে। ইছলামবাদ আৰু কাবুল দুয়োখন দেশৰ বাবে এই কথা সমানেই চিন্তনীয়।

পাকিস্তানী সেনা প্ৰধানগৰাকীৰ এই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই আফগানৰ উপ গৃহ মন্ত্ৰী মোল্লা মহম্মদ নবী ওমৰিয়ে। তেওঁ কয়, “কাবুলে কোনো উগ্ৰপন্থী সংগঠনক আশ্ৰয় দিয়া নাই। এই গোটসমূহক সমৰ্থন নকৰে।”

যুদ্ধবিৰতি বৃদ্ধিৰ কেইঘণ্টামান পিছতে কাবুলে কয় যে পাকিস্তানে দেশখনৰ পাক্তিকা প্ৰদেশৰ তিনিটা পৃথক স্থানত বিমান আক্ৰমণ চলাইছে।

স্থানীয় আৰক্ষীৰ মুখপাত্ৰ মহম্মদুল্লাহ আমিনীয়ে জনোৱা মতে, পাক্তিকা প্ৰদেশৰ পাকিস্তান সীমান্তৰ গাতে লাগি থকা বৰমাল, উৰগুন আৰু খান্দৰ অঞ্চলত পাকিস্তানে আক্ৰমণ চলাইছে। অৱশ্যে এই আক্ৰমণত কিমানজন লোক নিহত হৈছে সেই সন্দৰ্ভত তেওঁ সবিশেষ প্ৰকাশ কৰা নাই।

পাক্তিকাৰ প্ৰাদেশিক চিকিৎসালয়খনৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে এই আক্ৰমণত তিনিজন স্থানীয় ক্ৰিকেটাৰকে ধৰি ১০জন লোক নিহত হৈছে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুখপাত্ৰ চৈয়দ নাছিম সাদাতে কয় যে এই আক্ৰমণত নিহত তিনিজন ক্ৰিকেটাৰ মেচৰ অন্তত উৰগুনলৈ উভতি আহিছিল।

আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে শনিবাৰে কয় যে যুদ্ধবিৰতি উলংঘা কৰা আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ অধিকাৰ কাবুলে সংৰক্ষিত ৰাখিছে। অৱশ্যে শান্তি আলোচনাৰ কথা বিবেচনা কৰি তেওঁলোকৰ বাহিনীক প্ৰতিশোধমূলক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ পূৰ্বে কালি পাকিস্তানৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, আফগান সীমান্তৰ সমীপৰ নিৰাপত্তা বাহিনীৰ সংস্থাপনত তেহৰিক-ই-তালিবান পাকিস্তানৰ পৃষ্ঠপোষকতাত আত্মঘাতী গাড়ী বোমা আক্ৰমণ সংঘটিত হয়। ইয়াত ৭ পাকিস্তানী জোৱান নিহত হয়।

স্থানীয় আৰক্ষী বিষয়া ইৰফান আলীয়ে জনোৱা মতে, আফগানিস্তানৰ সীমান্তৱৰ্তী জিলা উত্তৰ ৱাজিৰিষ্টানৰ মিৰ আলী চহৰত সংঘটিত হৈছে এই আক্ৰমণ।

পাকিস্তানী নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, উত্তৰ ৱাজিৰিষ্টনত এই আক্ৰমণ সংঘটিত কৰিছে নিষিদ্ধ পাকিস্তানী সশস্ত্ৰ সংগঠন টিটিপিৰ সৈতে জড়িত হাফিজ গুল বাহাদুৰ গ্ৰুপে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে আফগানিস্তানত থকা উগ্ৰপন্থী সংগঠনটোৰ আত্মগোপন স্থানক লক্ষ্য কৰি প্ৰতিশোধ লয়।

এই সন্দৰ্ভত পাকিস্তানৰ এজন সামৰিক বিষয়াই কয় যে যুদ্ধবিৰতি আফগান তালিবানৰ সৈতে। আফগানিস্তানত ভিত্তি কৰি থকা সশস্ত্ৰ সংগঠনৰ লগত নাছিল, যিয়ে পাকিস্তানক আক্ৰমণ কৰিছিল।

কালি দোহাত প্ৰথম ৰাউণ্ডৰ আলোচনাৰ অন্তত ইছলামবাদ আৰু কাবুলে এই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে। অৱশ্যে কালি নিশা পাকিস্তানৰ সংবাদ মাধ্যম জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত প্ৰথম ৰাউণ্ডৰ আলোচনাৰ অন্ত পৰিছে।

একাধিক কূটনৈতিক সূত্ৰৰ উদ্ধৃতি দি জিঅ’ নিউজে প্ৰকাশ কৰিছে যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ আলোচনাৰ মূল বিষয়। বৈঠকত পাকিস্তানে কয় যে আফগানিস্তানত উগ্ৰপন্থী সংগঠনৰ উপস্থিতি ‘গ্ৰহণযোগ্য নহয়’। আজি পুৱা পুনৰ মুখামুখি হ’ব দুয়োপক্ষৰ।

পাকিস্তানৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ। লগতে উপস্থিত আছে দেশৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল মহম্মদ আছিম মালিক। আফগান প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে প্ৰতিৰক্ষা মন্ত্ৰী মহম্মদ ইয়াকুব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd