মাওবাদীৰে সংঘৰ্ষত চহিদ বিশ্বজিতৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

যোৱা ১৫ এপ্ৰিলত ঝাৰখণ্ডত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত চহিদ হোৱা অসমৰ জোৱান বিশ্বজিৎ চৌহানৰ আজি সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয়।

জোৱানজনৰ মৃতদেহ কলাইগাঁৱৰ পুঠিমাৰীস্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ পিছত আজি দিনৰ প্ৰায় ১১:৩০ বজাত বাসগৃহৰ কিছু নিলগত কৰা শেষকৃত্যস্থলীত কেবাজাঁই টোপধ্বনিৰে জিলা প্ৰশাসন, আৰক্ষী বিভাগৰ লগতে চি আৰ পি এফৰ বিষয়াই চহিদজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

প্ৰাপ্ত তথ্য মতে শেষকৃত্যস্থলীত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক লংণিত টেৰঙে জোৱানজনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি কয় য়ে তেওঁৰ এই ত্যাগ অথলে নাযায়।

আনহাতে  চি আৰ পি এফৰ ফালৰ পৰা চহিদ বিশ্বজিতৰ পৰিয়ালটোৰ বাবে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ’ব বুলি শেষকৃত্যস্থলীত উপস্থিত থকা চি আৰ পি এফৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ গিৰিডীহ জিলাৰ বেলভা ঘাটত মাওবাদী বিদ্ৰোহীৰ সৈতে হোৱা উক্ত সংঘৰ্ষত চি ৩ গৰাকী মাওবাদী নিহত হোৱাৰ লগতে চি আৰ পি এফৰ বিশ্বজিৎ চৌহান চহিদ হৈছিল।

ওদালগুৰি জিলাৰ কলাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পুঠিমাৰী গাঁৱৰ কমল চৌহানৰ প্ৰথম সন্তান বিশ্বজিতে চাৰি বছৰ পূৰ্বে চি আৰ পি এফত যোগদান কৰিছিল।