জন্মু-কাশ্মীৰ পুলৱামাত পুনৰ নিৰাপত্তা বাহিনীৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে।
কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ওপৰত আইডি আৰু গুলীচালনা কৰি আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
কাশ্মীৰ আৰক্ষীয়ে জনাইছে যে এই আক্ৰমণৰ ফলত বৰ বিশেষ হতাহতি হোৱা নাই।
সেনা বাহিনীৰ সূত্ৰৰ মতে দেওবাৰে পুৱা ৭.৪০ মান বজাত পুলৱামাত নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।
আইডি আৰু গুলীচালনাৰে আক্ৰমণ কৰা সন্ত্ৰাসবাদী গোটটোক নিৰাপত্তা বাহিনীয়ে প্ৰত্যাক্ৰমণ চলায়।
আৰক্ষীয়ে জনোৱা মতে এই আক্ৰমণৰ ঘটনাত চি আৰ পি এফৰ এজন জোৱান সামান্য পৰিমাণে আহত হৈছে।
আহত জোৱানজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমান তেওঁ সুস্থ হোৱা বুলিও জনাইছে আৰক্ষীয়ে।
আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াই উপস্থিত হয়।
উল্লেখ্য যে, বিগত বৰ্ষত পুলৱামাত জইচ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদীৰ সদস্যই কৰা আত্মঘাটি আক্ৰমণত ৪৪ জনকৈ চি আৰ পি এফ জোৱান নিহত হৈছিল।