বাওঁহাতত টেটু থাকিলে অৰ্ধসামৰিক বাহিনীত যোগদান কৰাত কোনো সমস্যা নাই। কিন্তু সোঁহাতত যদি টেটু থাকে তেন্তেযোগ্য প্ৰাৰ্থীক বাদ দিয়া হয়। সোঁ আৰু বাওঁ হাতৰ বাবে কিয় বেলেগ বেলেগ নিয়ম! কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ এনে নিয়মৰ ওপৰত প্রশ্ন উত্থাপন কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এজন প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই প্ৰশ্ন কৰে ন্যায়ালয়ে। সোতৰ নৱেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।
চি আৰ পি এফত মটৰ মেকানিক বাহনৰ পদৰ বাবে আৱেদন কৰা বিপিন কুমাৰ নামৰ এজন যুৱকে এই গোচৰ দাখিল কৰিছে। তেওঁৰ সোঁহাতত টেটু থকা বুলি চি আৰ পি এফে তেওঁক অযোগ্য ঘোষণা কৰাৰ অভিযোগ উত্থাপন কৰে। এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই বিপিনে কয় যে তেওঁ অস্ত্ৰোপচাৰৰ জৰিয়তে টেটুটো আঁতৰাব বিচাৰে।
সেই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ চি হৰি শংকৰ আৰু ন্যায়াধীশ ওম প্ৰকাশ শুক্লাৰ বিভাগীয় বিচাৰপীঠে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিযুক্তি নিয়মৰ কথা উল্লেখ কৰে। ইয়াত লিখা আছে যে বাহুৰ ভিতৰত টেটু কৰাৰ অনুমতি নাই। কিন্তু ই কেৱল বাওঁহাতৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কাৰণ সেই হাতেৰে চেলুট কৰা নহয়। এনে এক অদ্ভুত নিয়মত অলপ বিভ্ৰান্ত আৰু বিৰক্ত হৈ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয়, “আমি বুজি নাপাওঁ যে এজন প্ৰাৰ্থীৰ সোঁহাতত টেটু থকাৰ বাবে কেনেকৈ সেনাবাহিনীত নিযুক্তিৰ বাবে অযোগ্য ঘোষণা কৰিব পাৰি।”
অৰ্ধসামৰিক নিয়ম অনুসৰি সোঁহাতত বিশেষকৈ চেলুট দিয়া হাতত টেটু থাকিলে চাকৰি পোৱাটো কঠিন, কিয়নো ই সামৰিক বাহিনীৰ নিয়ম নীতিৰ বিৰুদ্ধে। কিছুমান বিশেষ ক্ষেত্ৰত, যেনে বাওঁহাতৰ ভিতৰত কঁকালৰ পৰা হাতৰ এটা নিদিষ্ট অংশলৈকে টেটু কৰাৰ অনুমতি থাকিব পাৰে, কিন্তু নিয়ম অনুসৰি হ’ব লাগিব।





