অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনএছজি নিৰাপত্তা লাভ নকৰে।
ইয়াৰ সলনি মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিব চিআৰপিএফে।কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।
উল্লেখ্য ইয়াৰ পূৰ্বে অসমৰ তিনিগৰাকী মুখ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত. তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালে এনএছজিৰ নিৰাপত্তা লাভ কৰিছিল।
অৱশ্যে ২০১৬ চনত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পিছত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনএছজি নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।একেদৰে প্ৰফুল্ল কুমাৰ মহন্তৰো
এনএছজি প্ৰত্যাহাৰ কৰা হৈছিল ২০১৯ চনত। সৰ্বানন্দ সোণোৱালে চলিত বৰ্ছৰ ১০ মে’ৰ দিনা স্বেচ্ছাই এনএছজি নিৰাপত্তা ত্যাগ কৰিছিল।
ইপিনে ২০১৭ চনৰে পৰাই ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত চিআৰপিএফ নিয়োজিত হৈ আছে।গৃহ দপ্তৰৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে অসমৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া যথেষ্ট উন্নত ।
সেয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব এনএছজিৰ সলনি চিআৰপিএফৰ ওপৰতে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰোপৰি দেশৰ সংকটপূৰ্ণ পৰিস্থিতিত ব্যৱহাৰৰ বাবেহে এনএছজি গঠন কৰা হৈছিল। এনএছজিক নেতাৰ নিৰাপত্তাৰ কামত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে কেন্দ্ৰই প্ৰায়ে মন্তব্য কৰি আহিছে।
উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিভিআইপিৰ Z+ কেটেগৰীৰ নিৰাপত্তাত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডক ভিভিআইপিৰ নিৰাপত্তাৰ পৰা আঁতৰাই দেশৰ নিৰাপত্তাত নিয়োজিত কৰাৰ পোষকতা কৰিছিল।
সেইমৰ্মে গান্ধী পৰিয়ালকে ধৰি দেশৰ বহু ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰাই আনি তাৰ ঠাইত চিআৰপিএফ আৰু চিআইএছএফৰ জোৱান নিয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
চৰকাৰৰ এনে সিদ্ধান্তত বহুতে অসন্তুষ্টিও ব্যক্ত কৰিছিল।
দৰাচলতে এনএছজিৰ কাম ভিভিআইপিক নিৰাপত্তা দিয়া নহয়, তেওঁলোকৰ কাম হৈছে সংকটৰ সময়ত বিশেষকৈ সন্ত্ৰাসবাদী আদিৰ আক্ৰমণত দেশক সুৰক্ষা দিয়া।
সেইবাবেই ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰ কৰাৰ পোষকতা কৰা হৈছিল।
আনকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰাপত্তাত নিয়োজিত এনএছজিও প্ৰত্যাহাৰ কৰি তাৰ ঠাইত চিআৰপিএফ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
সেইসময়ত এনএছজিৰ নিৰাপত্তা বাহাল ৰখা হৈছিল প্ৰাক্তন মুখ্যমন্তী মায়াৱতী, ফাৰুক আব্দুল্লা,চন্দ্ৰবাবু নাইডুকে ধৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তক আগস্থান দি বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিছিল তেওঁৰ এনএছজি নিৰাপত্তা।