• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীট, এছএছচি-ৰ পিছত কলেজৰ প্ৰৱেশ পৰীক্ষা! পুনৰ কেন্দ্ৰীয় পৰীক্ষাত ডাঙৰ গাফিলতি, পিছুৱালে পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 2:44 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET, SSC-ৰ পিছত কলেজৰ প্ৰৱেশ পৰীক্ষা। পুনৰ এটা সৰ্বভাৰতীয় পৰীক্ষাত আন এক ডাঙৰ বিভ্ৰাট। শনিবাৰে সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া আছিল CUET UG পৰীক্ষা। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ল ছাত্ৰ-ছাত্ৰী। কিন্তু শেষ মুহূৰ্তত তেওঁলোকে গম পালে যে কেইবাটাও পৰীক্ষা কেন্দ্ৰত কাৰিকৰী ত্ৰুটি ধৰা পৰিছে। ফলত পৰীক্ষা স্থগিত ৰখা হয়।

এই খবৰ পোৱাৰ পিছতে উত্তেজিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশ্ন উত্থাপন কৰি বিৰোধীয়ে প্ৰশ্ন কৰিছে যে কেন্দ্ৰীয় সংস্থাটোৱে পৰিচালনা কৰা পৰীক্ষাত বাৰে বাৰে ইমান ডাঙৰ ত্ৰুটি কিয় সংঘটিত হৈছে।

Apply Now

কিছুদিন পূৰ্বে প্ৰশ্ন ফাদিলৰ বাবে বাতিল কৰা হৈছিল সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET। তাৰ পিছত SSC GD পৰীক্ষাক লৈ একাধিক অভিযোগ উত্থাপন হৈছিল। কোনো কোনো ঠাইত আসনতকৈ অধিক পৰীক্ষাৰ্থীক এডমিট দিয়া হৈছিল, কোনো কোনো ঠাইত প্ৰশ্ন ফাদিল হৈছিল, কোনো কোনো ঠাইত পৰীক্ষাৰ সময়ত চিষ্টেম ক্ৰেচ হৈছিল – পৰীক্ষাৰ্থীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হয়। পৰীক্ষা ব্যৱস্থাটো বাৰে বাৰে হেক কৰা হৈছে বুলিও শুনা গৈছে। এইবাৰ CUET UG পৰীক্ষাতো এই সমস্যা ধৰা পৰিছে।

শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (এনটিএ) জনাইছে যে অনলাইন পৰীক্ষা কেন্দ্ৰ টিচিএছত কিছু কাৰিকৰী ত্ৰুটি ধৰা পৰিছে। ইয়াৰ বাবে পৰীক্ষা পিছুৱাই দিব লগা হ’ল। লগতে এন টি এয়ে অতিৰিক্ত সময় দিয়া হ’ব বুলিও জানিবলৈ দিয়ে।

কিন্তু এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰী। একাধিক পৰীক্ষা কেন্দ্ৰৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। পুৱা ৯ বজাৰ পৰা তেওঁলোকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও পুৱা ১১:৩০ বজাত তেওঁলোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিছিল। বহুসময়ৰ মূৰত তেওঁলোকে পৰীক্ষাত বহিব পাৰে। বিয়লি ৩ বজাৰ পৰিৱৰ্তে বিয়লিৰ পৰীক্ষা চাৰি বজাত আৰম্ভ হ’ব বুলি এন টি এয়ে জানিবলৈ দিয়ে।

সমগ্ৰ ঘটনাক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে আপ নেতা আতিশীয়ে। তেওঁৰ ভাষাত “শিক্ষামন্ত্ৰীৰ অভূতপূৰ্ব অযোগ্যতা। লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা থিয় হৈ থাকি শেষত পৰীক্ষা পিছুৱাই দিয়াৰ কথা শুনিছে।” পৰীক্ষাৰ্থীৰ প্ৰতিবাদৰ ভিডিঅ’ও শ্বেয়াৰ কৰে তেওঁ। যদিও সমগ্ৰ ঘটনাক লৈ এতিয়াও নিমাত শিক্ষামন্ত্ৰী। প্ৰশ্ন উত্থাপন হয়, কিয় বাৰে বাৰে এই সৰ্বভাৰতীয় পৰীক্ষাবোৰত ত্ৰুটিৰ সৃষ্টি হৈছে? নিয়ন্ত্ৰক সংস্থাই কিয় পৰীক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰা নাই?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd