• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংস্কৃতিক ফেচিবাদ! সংগীতৰ শিক্ষাত নিষেধাজ্ঞা জাৰিৰ বাবে বাংলাদেশত ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2025 12:01 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঢাকা বিশ্ববিদ্যালয়ৰ বহু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষাত সংগীত আৰু শাৰীৰিক শিক্ষাৰ শিক্ষকৰ পদ পুনৰ প্ৰৱৰ্তনৰ আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

কেইবাটাও উগ্ৰ ইছলামিক সংগঠনৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে শেহতীয়াকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত সংগীত আৰু শাৰীৰিক শিক্ষাৰ শিক্ষকৰ পদৰ পৰিকল্পনা বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা হৈছে।

Apply Now

বাংলাদেশী সংবাদ মাধ্যম bdnews 24-ৰ আগত ঢাকা বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ প্ৰতিবাদকাৰী ছাত্ৰী হুমাইৰা নৱাজে কয় যে, “সংগীত আৰু শাৰীৰিক শিক্ষাই শিশুক মানুহ হিচাপে গঢ় দিয়াত সহায় কৰে। আপোনালোকে চাব পাৰে যে সমগ্ৰ বিশ্বৰ সকলো দেশতে সংগীতৰ শিক্ষা দিয়া হয়। ইয়াৰ কাৰণ হ’ল সংগীতে মানুহক অপৰাধৰ পৰা আঁতৰাই ৰাখে। গতিকে, আজি আমি ইয়াত কিয় থিয় হৈ আছো? এইটো কেৱল সংগীত বিভাগৰ বাবে নহয় সমগ্ৰ দেশৰ বাবেও লজ্জাজনক। সংগীতৰ ৰক্ষাৰ বাবে আমি কিয় থিয় হ’বলগীয়া হৈছে?”

ঢাকা বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ সহযোগী অধ্যাপক আজিজুৰ ৰহমান তুহিনে কয়, “বিশ্ব ইতিহাসলৈ উভতি চালে আমি দেখিবলৈ পাওঁ যে শিল্প, সাহিত্য, সংস্কৃতি, সংগীতৰ জৰিয়তে সভ্যতাসমূহ জীয়াই আছে। প্ৰতিটো সভ্যতাই নিজৰ শিল্প ঐতিহ্য সংৰক্ষণ কৰি ৰাখিছে। প্ৰাথমিক বিদ্যালয়ত সংগীত আৰু শাৰীৰিক শিক্ষাৰ শিক্ষকৰ পদ বিলুপ্ত কৰাৰ সিদ্ধান্ত আমাৰ ল’ৰা-ছোৱালীৰ মানসিক আৰু শাৰীৰিক বিকাশত বাধাৰ সৃষ্টি কৰাৰ এক ষড়যন্ত্ৰ। কাৰ আগ্ৰহৰ প্ৰতি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে?”

ইয়াৰ উপৰিও ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়ত সংগীত বিভাগৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মানৱ শৃংখল গঠন কৰি পদ দুটা পুনৰ প্ৰৱৰ্তনৰ দাবী জনায়।

অন্তৱৰ্তীকালীন চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দি জগন্নাথ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ছামছুল আলম মাৰুফে কয় যে, “এয়া এক প্ৰকাৰৰ সাংস্কৃতিক ফেচিবাদ। চৰকাৰে সংগীত আৰু শাৰীৰিক শিক্ষা শিক্ষকতা পদ বিলুপ্ত কৰাটো অৰ্থহীন। দেশখন বজাৰকেন্দ্ৰিক হৈ পৰিছে, যাৰ ফলত বৌদ্ধিক বা সাংস্কৃতিক উন্নয়নৰ কোনো পৰিৱেশ নোহোৱা হৈছে।”

উল্লেখ্য যে যোৱা সপ্তাহত বাংলাদেশৰ প্ৰাথমিক আৰু গণশিক্ষা মন্ত্ৰালয়ে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি নিয়ম ২০২৫ সলনি কৰি সংশোধিত গেজেট প্ৰকাশ কৰিছিল। য’ত সংগীত আৰু শাৰীৰিক শিক্ষাৰ সহকাৰী শিক্ষকৰ পদ বাতিল কৰা হৈছিল।

ইয়াৰ পাছত ২৮ আগষ্টত সংগীত আৰু শাৰীৰিক শিক্ষাৰ শিক্ষক নিযুক্তিৰ ঘোষণাৰ পিছতে হেফাজত-ই-ইছলাম, ইছলামী আন্দোলন বাংলাদেশ, জামাত-ই-ইছলামী, বাংলাদেশ খেলাফত মজলিছ, বাংলাদেশ খেলাফত আন্দোলনকে ধৰি কেইবাটাও ইছলামিক সংগঠনে কৰ্তৃপক্ষৰ সিদ্ধান্তক সমালোচনা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছিল।

স্মৰ্তব্য যে ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামী লীগ চৰকাৰৰ পতন আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পিছৰে পৰা বাংলাদেশত ধৰ্মীয় উগ্ৰবাদৰ উত্থান ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd