NORTHEAST NOW (Assamese)

কেৰেলাৰ পৰা অহা সাংস্কৃতিক গোষ্ঠীয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক

September 17, 2018 11:02 pm · এন ই নাও নিউজ
কেৰেলাৰ একতা পৰিষদ নামৰ সাহিত্য-সাংস্কৃতিক গোষ্ঠীটোৰ সদস্যসকল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত।

কেৰেলাৰ পৰা অহা একতা পৰিষদ নামৰ এটা সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে আজি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক তেওঁৰ বিধায়ক আৱাসত সাক্ষাৎ কৰে।

শ্ৰী পবিত্ৰনৰ নেতৃত্বত অহা ৪৫জন সাহিত্যিক, সাংস্কৃতিক কৰ্মীয়ে সাক্ষাৎকালত মহন্তক আঞ্চলিকতাবাদৰ ধ্বজা বহন কৰা বাবে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।

দুয়ো পক্ষৰ মাজত অসম আন্দোলনৰ প্ৰসংগত আলোচনা হয় বুলি জানিব পৰা গৈছে।

আনহাতে জয়শ্ৰী গোস্বামী মহন্তই প্ৰতিজনকে একোখনকৈ গামোচাৰে সাদৰ-সম্ভাষণ জনায়।

মন কৰিব লগীয়া যে শেহতীয়াকৈ ভাৰতৰ বিভিন্ন ঠাইৰ ৰাজনৈতিক সচেতন অংশৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰীজনক আঞ্চলিকতাবাদৰ এজন উল্লেখযোগ্য নেতা বুলি গণ্য কৰা দেখা হৈছে।

Related News