• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

 অৱশেষত ‘শূন্য সহনশীলতা’ৰ নীতি দেখুৱালে চৰকাৰে!  নগাঁৱৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসক নিলম্বন

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 18, 2018 6:09 am

2 min read

111d3b17-318d-4b6a-9a6b-b7ff7cda7535
412
VIEWS
Share on FacebookShare on Twitter

অৱশেষত নগাঁৱৰ সবিতা দাস নামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা ধন দাবীৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ শীৰ্ষ মহলে আজি জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে।

উল্লেখ্য যে নগাঁৱৰ এইগৰাকী উপ আৰক্ষী অধীক্ষক(সদৰ) সবিতা দাসে যোৱা ৩১ আগষ্টৰ নিশা নগাঁও চহৰৰ পলিৰোডৰ নিজ ঘৰৰ সন্মুখৰ পৰা সৌৰভ হাজৰিকা নামৰ যুৱকজনৰ লগতে আন তিনিজন যুৱকক বিনা কাৰণত আটক কৰি সদৰ থানালৈ লৈ আনিছিল।

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত সৌৰভ হাজৰিকাৰ লগতে যুৱককেইজনক পিচদিনা বিয়লি চাৰি বজা পৰ্যন্ত আবদ্ধ কৰি ৰাখে বুলি সৌৰভ হাজৰিকাই অভিযোগ উত্থাপন কৰে। কিন্তু হাজৰিকাৰ নিজা চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন পত্ৰ জব্দ কৰি ৰাখে।

ইফালে নগাঁও আৰক্ষী বিভাগৰ জ্যোতি খাউণ্ড নামৰ এজন কৰ্মচাৰীয়ে অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ দুখন ওভতাই দিয়াৰ বিনিময়ত উপ আৰক্ষী অধীক্ষকগৰাকীৰ দোহাই দি ৪০ হাজাৰ টকা দাবী কৰে।

কিন্তু সৌৰভ হাজৰিকাই উক্ত ধন দাবী কাণ্ড কেমেৰাৰ জৰিয়তে বন্দী কৰে। আৰু ইয়াৰ পাছতে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ধন দাবীৰ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানলৈ অভিযোগ প্ৰেৰণ কৰি হাজৰিকাই ধন দাবীৰ ঘটনাৰ সুবিচাৰ দাবী কৰিছিল।

ইয়াৰ পিছতে এই সম্পৰ্কীয় অভিযোগ প্ৰসংগত এটা অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ নগাঁও আৰক্ষীলৈ নিৰ্দেশ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল প্ৰসাদ শইকীয়াই। নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে উক্ত অভিযোগৰ প্ৰসংগত এটা গোচৰ ৰুজু কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাটো তদন্ত কৰিব বুলিও মতপোষণ কৰিছিল।

আনহাতে, নগঞা জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীৰ লগতে ধন লেনদেন কৰাত জড়িত আৰক্ষী কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰাৰ উপৰি চাকৰিৰ পৰা নিলম্বন কৰিছে নগাঁও আৰক্ষীয়ে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd