• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাদ মাহৰ শেষ দিনটোত বটদ্ৰৱা থান, কুঁজিসত্ৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ সাংসদ গৌৰৱ গগৈৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 18, 2018 6:35 am

2 min read

f2e35386-1dd2-4787-beef-32db117237b4

বটদ্ৰৱা থানত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ মুহূৰ্তত সাংসদ গৌৰৱ গগৈ। ফটো : নৰ্থইষ্ট নাও

332
VIEWS
Share on FacebookShare on Twitter

এন চি ই আৰ টি-ৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনাদৰ্শ অন্তৰ্ভুক্ত কৰি দেশৰ নৱ প্ৰজন্মক গুৰুজনাৰ বিশাল ব্যক্তিত্ব সম্বন্ধে জানিবলৈ সুবিধা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক লিখিতভাৱে অসমবাসীৰ হৈ  এই দাবী কৰা বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে৷

পবিত্ৰ ভাদ মাহতে জন্ম হোৱা গুৰুজনাৰ একান্ত ভক্ত সাংসদ গৌৰৱ গগৈয়ে  ৰাজনীতিৰ ব্যস্ততাৰ মাজতে পবিত্ৰ ভাদমাহত  ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলিয়া বৰনামঘৰ, ভৰালী নামঘৰ আদিত সেৱা নিবেদন কৰাৰ পিছত সোমবাৰে ভাদ মাহৰ শেষৰ দিনটোত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত সেৱা লৈ সমষ্টিবাসীৰ লগতে নিজৰ কুশল মংগল কামনাৰে  আশিস গ্ৰহণ কৰে ৷

ইয়াৰ পিছতে সাংসদগৰাকী শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ মনিকূটৰ কাষতে থকা হাটিপুখুৰীৰ পাৰত সাংসদ উন্নয়ন পুঁজিৰ ১০ লাখ টকা ব্যয়ৰে ভকতসকলৰ বাবে দুটা অত্যাধুনিক হাটিবহাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে।

এই অনুষ্ঠানত শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামী, থান পৰিচালনা সমিতি সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়া প্ৰমুখ্যে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ধৰ্মবস্ত্ৰ, কুহিলা কঠ, থান বৰ্ণনাৰ গীত, শৰাই, গ্ৰন্থৰ টোপোলা আদিৰে সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নৰোৱা কুঁজি সত্ৰ বৈষ্ণৱপুৰ থানৰ সন্মুখভাগত সাংসদ উন্নয়ন পুঁজিৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এটি আটকধুনীয়া প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰি ইতিহাস প্ৰসিদ্ধ থানখনত সেৱা লয় লগতে সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ আইসকলৰ স’তে মত বিনিময় কৰে।

সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী প্ৰমুখ্যে ভকতসৱে থান প্ৰাংগণত আয়োজন কৰা অনুষ্ঠানত যুৱ সাংসদগৰাকীক উষ্ম আদৰণি জনায়। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকমী ৰমেশ বৰদলৈ, সমাজসেৱিকা শিবামনি বৰা, বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গৌতম বৰা উপস্থিত থাকে।

বিয়লি কদমনি টাইটেল মাদ্ৰাছাত এটি ছাত্ৰাবাসৰ লগতে বাটমাৰী ছোবাহী মাদ্ৰাছাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি শিক্ষক ছাত্ৰসমাজৰ লগত মত-বিনিময় কৰে  সাংসদ গৌৰৱ গগৈয়ে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd