DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি, বন্ধ থাকিব সাপ্তাহিক হাট-বজাৰ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 17, 2021 4:52 pm
bbnn
208
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে সাৱধানতামূলক ব্যৱস্থা হিচাপে কিছুমান বাধা নিষেধ আৰোপ কৰি ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে।

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈৰ এক নিৰ্দেশনাযোগে সমগ্ৰ জিলাখনতে প্ৰযোজ্য হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এই নিষেধাজ্ঞাৰ অধীনত ১৬ জুনৰ পৰা ২২ জুনলৈ প্ৰতিদিনে  বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ কৰা হৈছে।

সান্ধ্য আইনৰ সময়ছোৱাত সকলো লোক আৰু সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব।
অৱশ্যে অত্যাৱশ্যকীয় সেৱা যেনে-চিকিৎসা সম্পৰ্কীয়,আৰক্ষী, প্ৰশাসনৰ লগতে জৰুৰী সেৱাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব।

সেইদৰে মুকলি বা আৱদ্ধ কোনো ঠাইতে সভা বা সমাগমৰ বাবে অনুমতি দিয়া নহ’ব ৷
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব।অৱশ্যে ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীগৰাকীয়ে প্ৰাত্যহিক ধৰ্মীয় কামখিনি কৰিব পাৰিব।
একোজন মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ১০জন লোকতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।
হোটেল, ৰিজৰ্ট আদি খোলা থকা অৱস্থাত সাধাৰণ সময়ৰ দৰেই খোৱা-লোৱা কৰিব পাৰিব। সকলো ক’ভিড বিধি মানি ই-কমাৰ্চৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব পাৰিব ৷ আনহাতে সাপ্তাহিক হাট-বজাৰ আদি বহিবলৈ অনুমতি দিয়া নহ’ব।

ফাৰ্মাচী, হাস্পতাল,পশু চিকিৎসা কেন্দ্ৰ আৰু পশু ক্লিনিক আদি অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা হিচাপে কোনো বাধা নোহোৱাকৈ খোলা থাকিব।

সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়,দোকান,ব্যৱসায়িক প্ৰতিষ্ঠান,ৰেষ্টুৰেন্ট,ধাবা,হোটেল-ৰিজৰ্ট আদিৰ ভিতৰত থকা ৰেষ্টুৰেন্ট,বিক্ৰী কক্ষ,শীতল ভঁৰাল আৰু পণ্যাগাৰ, শ্ব’ৰূম আদি ২২জুনৈ প্ৰতিদিনে আবেলি ৪ বজালৈ খোলা থাকিব।

গাড়ী আৰু মানুহৰ আন্ত:জিলা যাতায়ত ২২জুনৰ পুৱা ৫ বজালৈ বন্ধ থাকিব ৷ এই নিৰ্দেশনা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে ৷

এই নিষেধাজ্ঞা সম্পৰ্কত কাৰোবাৰ কিবা আপত্তি থাকিলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উপযুক্ত কাৰণ দৰ্শাই সংশোধনৰ বাবে আবেদন জনাব পাৰিব। এই নিষেধাজ্ঞা ১৬ জুনৰ পৰা ২২জুনৰ পুৱা ৫ বজা পৰ্যন্ত বাহাল থাকিব।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd