NORTHEAST NOW (Assamese)

গুৱাহাটীত শুল্ক বিভাগে জব্দ কৰিলে ৬৮ লাখ টকাৰ বিদেশী চিগাৰেট

November 5, 2024 2:19 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

গুৱাহাটীত শুল্ক বিভাগে জব্দ কৰিছে ৬৮ লাখ টকাৰ বিদেশী চিগাৰেট। মঙলবাৰে (৫ নৱেম্বৰ) গুৱাহাটীৰ অভয়পুৰত অৱস্থিত ব্লু ডাৰ্ট কুৰিয়াৰ হাবৰ পৰা ৬ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে শুল্ক বিভাগৰ বিষয়াই। এই চিগাৰেটবোৰ দক্ষিণ কোৰিয়াৰ ব্ৰেণ্ড “এছে লাইট ছুপাৰ স্লিম”ৰ, যাৰ মূল্য প্ৰায় ৬৮.৮০ লাখ টকা।

গুৱাহাটী ডি পি এফ (ডিৰেক্টৰ অফ পি প্ৰিভেনচন ফৰ্চ)ৰ বিষয়াসকলে গোপন তথ্যৰ ভিত্তিত এই চিগাৰেটসমূহ উদ্ধাৰ কৰে। একাধিক অভিযান আৰু বিশ্লেষণ কৰাৰ পিছত তেওঁলোকে জানিব পাৰে যে সেইবোৰ অবৈধভাৱে দেশত প্ৰৱেশ কৰিছে আৰু শুল্ক আইন উলংঘা কৰিছে। শুল্ক কৰ্তৃপক্ষই তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই কথা সদৰী কৰে।

শুল্ক বিষয়াসকলৰ তীব্ৰ নিৰীক্ষণ আৰু কঠোৰ প্ৰচেষ্টাৰ ফলত এই অভিযান সফল হৈছে। তেওঁলোকে এইটো নিশ্চিত কৰে যে বিদেশী চিগাৰেটৰ অবৈধ ব্যৱসায়ে গুৱাহাটীৰ দৰে চহৰত বৃহৎ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়কঃ কানপুৰত চিকিৎসালয়ত কৰ্মৰত অৱস্থাতে নাৰ্ছক কোঠাত আবদ্ধ কৰি ‘ধ*ৰ্ষণ’! গ্ৰেপ্তাৰ সঞ্চালক

কিন্তু এই অভিযানৰ ফলত এফালে দেশজোৰা অবৈধ সৰবৰাহ বিৰোধী অভিযান ত্বৰান্বিত হোৱাৰ লগতে অপৰাধী চক্ৰৰ বিৰুদ্ধে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ কাৰ্যকলাপ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

ইপিনে, যোৱা অক্টোবৰ মাহত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড (চিবিআইচি) আৰু দিল্লী শুল্ক (প্ৰিভেন্টিভ) আয়ুক্ত আৰু শুল্ক (বিমানবন্দৰ আৰু সাধাৰণ) আয়ুক্তই যৌথভাৱে প্ৰায় ৪৯ লাখ বিদেশী টেম্পাৰ কৰা চিগাৰেট, প্ৰায় ৭৩ কেজি নিষিদ্ধ ড্ৰাগছ (এনডিপিএছ), গুটখা /পান মচলা জব্দ কৰে, যিবোৰ শুল্ক আইন, এন ডি পি এছ আইন আৰু চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন উলংঘা কৰি সৰবৰাহ কৰা হৈছিল। এই সামগ্ৰীসমূহৰ মুঠ মূল্য আছিল প্ৰায় ৪৬০ কোটি টকা।

লগতে পঢ়কঃ আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন যাব হোৱাইট হাউছলৈ; দৃষ্টি নিৱদ্ধ সমগ্ৰ বিশ্বৰ

ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো সবিশেষ জানিব পৰা হোৱা নাই যদিও শুল্ক বিভাগৰ বিষয়াসকলে নিশ্চিত কৰিছে যে ইয়াৰ তদন্ত অব্যাহত আছে আৰু দোষীক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত থাকিব। 

Related News