চলিত বাৰ্মিংহাম কমনৱেলথ গেমছৰ পঞ্চম দিনা ভাৰতে অৰ্জন কৰিছে পঞ্চমটো স্বৰ্ণ পদক। ভাৰতৰ পুৰুষৰ টেবুল টেনিছ দলে কালি ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ গেমছৰ ইতিহাসত তৃতীয় আৰু ধাৰাবাহিকভাৱে দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰে।
কালি অনুষ্ঠিত হোৱা ফাইনেলৰ প্ৰথমখন মেচত ভাৰতৰ জি সাথিয়ান আৰু হৰমিত দেশাইৰ যুটিয়ে ছিংগাপুৰৰ য়ং কুৱেক আৰু য়ু পাঙক ৩-০ ব্যৱধানত পৰাস্ত কৰি দেশক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে।
কিন্তু ইয়াৰ পাছতে চিংগলছ মেচখনত ভাৰতৰ অভিজ্ঞ খেলুৱৈ শৰৎ কমল এক অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হয়। ক্লেৰেঞ্চ চিউৱে মেচখনত কমলক ৩-১ ব্যৱধানত পৰাস্ত কৰি ছিংগাপুৰৰ হৈ স্থাপন হয়।
অৱশ্যে ভাৰতীয় দলৰ আন দুই সদস্য সাথিয়ান আৰু হাৰমিতে দ্বিতীয় আৰু তৃতীয় চিংগলছ মেচত জয় সাব্যস্ত কৰাৰ লগে লগে ভাৰতৰ স্বৰ্ণ জয়ৰ পথ মুকলি হয়।
জি সাথিয়ানে ইউ পাঙক ৩-১ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে হাৰমিত দেশাইয়ে ক্লেৰেঞ্চ চিউক ৩-০ ব্যৱধানৰ পোনপটীয়া ছেটত পৰাস্ত কৰে আৰু ভাৰতৰ বাৰ্মিংহাম অভিযানত পঞ্চমটো স্বৰ্ণ পদক সংযোগ কৰে।
উল্লেখ্য যে ভাৰতীয় পুৰুষ টেবুল টেনিছ দলটোৱে ২০১৮ বৰ্ষত গ’ল্ডক’ষ্ট কমনৱেলথ গেমছতো স্বৰ্ণ পদক জয় কৰিছিল।
সামগ্ৰিকভাৱে কমনৱেলথ গেমছৰ ইতিহাসত ভাৰতীয় দলৰ এইয়া চতুৰ্থটো পদক। ইয়াৰ পূৰ্বে ভাৰতে গ’ল্ডক’ষ্টৰ লগতে ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰিছিল।
আনহাতে ২০১০ চনত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
আনহাতে ভাৰতৰ কিংবদন্তী টেবুল টেনিছ তাৰকাত পৰিণত হোৱা অচন্ত শৰৎ কমলে এই পদকৰ সহায়েৰে কমনৱেলথ ইতিহাসত নিজৰ পদকৰ সংখ্যা দহটালৈ বৃদ্ধি কৰে। এই দহটা পদকৰ ভিতৰত তিনিটা দলীয় শাখাৰ স্বৰ্ণ আৰু দুটা একক শাখাৰ স্বৰ্ণ লাভ কৰিছে খেলুৱৈগৰাকীয়ে।
খেলুৱৈগৰাকীয়ে ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত একক আৰু দলীয়, দুয়োটা শাখাত প্ৰথমবাৰ স্বৰ্ণ জয় কৰাৰ পাছতে প্ৰতিযোগিতাখনত নিজৰ সফলতাৰ দৌৰ অব্যাহত ৰাখিছে।