সলনি হৈছে সময়, লগে লগে সলনি হৈছে সমীকৰণ, সলনি হৈছে যুদ্ধৰ পৰিভাষাও। শেহতীয়া কৈ “গ্ৰে জ’ন” তথা হাইব্ৰিড যুদ্ধৰ যুগত চাইবাৰ আক্ৰমণ আৰু ভুল তথ্য অভিযান ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক শক্তিশালী অস্ত্ৰ হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
যুদ্ধৰ পৰিভাষাও। শেহতীয়া কৈ “গ্ৰে জ’ন” তথা হাইব্ৰিড যুদ্ধৰ যুগত চাইবাৰ আক্ৰমণ আৰু ভুল তথ্য অভিযান ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক শক্তিশালী অস্ত্ৰ হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
তামিলনাডুৰ ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজৰ (ডি এছ এছ চি) সমাৱৰ্তনত ভাষণ প্ৰসঙ্গত তেওঁ উল্লেখ কৰে যে চলি থকা সংঘাত আৰু সমসাময়িক ধাৰাসমূহে যুদ্ধৰ পৰম্পৰাগত ধাৰণাসমূহ পুনৰ লিখাৰ প্ৰবণতা দৃশ্যমান কৰি তুলিছে।
তেওঁ লগতে কয় যে আজিৰ যুগত যুদ্ধৰ পৰম্পৰাগত ধাৰণা বেলেগ ৰূপত পৰিগণিত হৈছে। আধুনিক প্ৰযুক্তিয়ে মানৱবিহীন প্ৰণালীৰে যুদ্ধৰ পৰিসৰ আৰু চৰিত্ৰক প্ৰভাৱিত কৰিছে, য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) আগমনে স্বায়ত্তশাসিত যুদ্ধৰ নতুন যুগৰ সূচনা কৰিছে।
তেওঁ আৰু কয়, আধুনিক যুদ্ধ স্থল, সাগৰ আৰু আকাশৰ সীমাৰ বাহিৰে চাইবাৰ, মহাকাশ আৰু তথ্য যুদ্ধৰ ক্ষেত্ৰত পৰিণত হৈছে। সশস্ত্ৰ বাহিনীয়ে এতিয়া বিভিন্ন পৰিৱেশত সমন্বিতভাৱে কাম কৰিব লাগিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি টকালৈ বৃদ্ধিৰে নতুন অভিলেখ সৃষ্টি কৰিছে।
ৰাজনাথ সিঙে কয়, আমি এতিয়া গ্ৰে জ’ন আৰু হাইব্ৰিড যুদ্ধৰ এক নতুন যুগত উপনীত হৈছোঁ, য’ত চাইবাৰ আক্ৰমণ, ভুল তথ্য অভিযান আৰু অৰ্থনৈতিক যুদ্ধ এনে অস্ত্ৰ হৈ পৰিছে, যিয়ে একো গুলী নিক্ষেপ নকৰাকৈ ৰাজনৈতিক-সামৰিক লক্ষ্য পূৰণ কৰিব পাৰে।
তেওঁ ভাৰতৰ সাম্প্ৰতিক নিৰাপত্তা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ উত্তৰ আৰু পশ্চিম সীমান্তত স্থায়ী ভাবুকিৰ সন্মুখীন হৈ আছোঁ। সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু স্বৰূপ চুবুৰীয়া দেশৰ প্ৰক্সি যুদ্ধ আৰু সন্ত্ৰাসবাদৰ নিৰ্বিচাৰ ভাবুকিৰ বাবে এই পৰিস্থিতি আৰু জটিল হৈ পৰিছে।
তেওঁ আৰু কয় যে ভাৰতে বহুমুখী নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে, য’ত কৌশলগত, চাইবাৰ আৰু সামৰিক সক্ষমতাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে।