NORTHEAST NOW (Assamese)

মানৱ সৰবৰাহ ,বাল্যবিবাহ, ড্ৰাগছৰ বিৰুদ্ধে তামুলপুৰত চাইকেল ৰেলী

March 27, 2022 4:39 pm · দীপক কুমাৰ পাঠক, বাক্সা

মানৱ সৰবৰাহ , বাল্যবিবাহ , ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তামুলপুৰত চাইকেল ৰেলী।

তামুলপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত, এছএছবিৰ ৬৪ নং বেটেলিয়ন, ভাৰতীয় সেনা আৰু দৰঙামেলাৰ ” দ্যা জেদ টীম” ৰ সহযোগত তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ পৰা তামুলপুৰলৈ ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত সজাগতা চাইকেল ৰেলী উলিওৱা হয়।

ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে দৰংগামেলা আৰক্ষী চকীৰ পৰা এই চাইকেল ৰেলী উলিওৱা হয় ৷

সমদলটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱে ৷

আৰক্ষী, এছএছবি, ভাৰতীয় সেনাৰ লগতে ‘দ্যা জেদ টীম” ৰ সদস্য, ছাত্র- ছাত্ৰী সহ দুই শতাধিক লোকে দৰংগামেলা আৰক্ষী চকীৰ পৰা কুমাৰীকাটা হৈ তামুলপুৰ থানালৈ আহি থানা চৌহদত চাইকেল ৰেলীৰ সামৰণি মাৰে৷

আজিৰ এই চাইকেল ৰেলী তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে।

Related News