• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন, বন্যপ্ৰাণী আৰু পৰিবেশ সংৰক্ষণৰ বাৰ্তাৰে বোকাখাতৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুই যুৱকৰ চাইকেল যাত্ৰা

উত্তম শইকীয়া by উত্তম শইকীয়া
February 3, 2021 10:29 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

312
VIEWS
Share on FacebookShare on Twitter

বন, বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা লৈ আজি বোকাখাতৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ চাইকেলেৰে যাত্ৰা কৰিছে বোকাখাতৰ দুজন যুৱকে।

আজি পুৱা বোকাখাতস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণৰ পৰা যাত্ৰাৰ শুভাৰম্ভ কৰা যুৱকদ্বয়ে।

এক গুৰুত্বপূৰ্ণ বাৰ্তাৰে চাইকেল যাত্ৰা কৰা এই যুৱকদ্বয় হ’ল কাজিৰঙা আদৰ্শ মহাবিদ্যালয়ৰ লোচন প্ৰকাশ গগৈ আৰু বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ দিগন্ত দাস।

দুয়ো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ।

আজি পুৱা কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে গামোছা পিন্ধাই দুয়োজন যুৱককে শুভেচ্ছা জনাই যাত্ৰাৰ শুভাৰম্ভ কৰে।

কাজিৰঙাৰ পৰা সংৰক্ষণৰ ইতিবাচক বাৰ্তা কঢ়িয়াই নিয়াৰ এই প্ৰচেষ্টাৰ বাবে যুৱকদ্বয়ক ধন্যবাদো জনায়।

অনুষ্ঠানত বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ প্ৰৱন্ধক ড০ প্ৰণৱ জ্যোতি বৰা, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, ইলেকট্ৰ’নিকছ মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েশ্যনৰ দীপজ্যোতি হাজৰিকা, সুদীপ্ত তামুলী, প্ৰদীপ হাজৰিকা আৰু অমৰ বৈৰীও উপস্থিত থাকে।

কাজিৰঙা সংৰক্ষণৰ এশ বছৰীয়া ইতিহাসৰ তথ্য আৰু অভিজ্ঞতা বুকুত বান্ধি সংৰক্ষণৰ বাৰ্তাৰে চাইকেল চলাই আৰাম্ভ কৰা এই যাত্ৰাৰ প্ৰথম দিনা বিয়লি তেওঁলোক ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ৫ ফেব্ৰুৱাৰিৰ বিয়লি তেওঁলোক গৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান পাবগৈ।

দুয়োখন ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতেও মত বিনিময় কৰিব লোচন প্ৰকাশ গগৈ আৰু দিগন্ত দাসে।

বোকাখাতৰ পৰা যাত্ৰা আৰম্ভ কৰি কাজিৰঙাত উপস্থিত হোৱা যুৱকদ্বয়ক দিৰিং চাৰি আলিত বিভিন্ন জনে আদৰণীও জনায়।

যুৱকদ্বৰ এই সংৰক্ষণৰ চাইকেল যাত্ৰাত বিশ্ব প্ৰকৃতি নিধি, আৰণ্য আৰু কৰবেট ফাউণ্ডেশ্যনে সাহায্য আগবঢ়াইছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd