NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব আমফানত বিধ্বস্ত পশ্চিম বংগ, ওড়িছা

May 21, 2020 10:24 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পশ্চিম বংগ আৰু ওড়িছাৰ চাইক্ল’ন আমফান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব।

প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে প্ৰকাশ কৰা মতে প্ৰধান মন্ত্ৰীয়ে আকাশমাৰ্গেৰে নিৰীক্ষণ কৰিব আৰু পৰ্য্যালোচনা বৈঠকত ভাগ ল’ব য’ত সাহায্য আৰু পুনৰ সংস্থাপনৰ দিশসমূহ আলোচিত হ’ব।

সাগৰীয় ধুমুহাটোত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধান মন্ত্ৰীক ৰাজ্যখন ভ্ৰমণৰ বাবে আহ্বান জনোৱাৰ কথা কৈছিল।

আমফানে পশ্চিম বংগত পোনপটীয়াভাৱে প্ৰৱেশ কৰিছে আৰু যোৱা এশ বছৰত এনে বিধ্বংসী ধুমুহাই ৰাজ্যখনক পোৱা নাছিল বুলি কোৱা হৈছে।

মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সদৰী কৰা মতে ধুমুহাটোত ৭২গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত বহু লক্ষ লোক গৃ্হহীন হৈছে।

ওড়িছাত ধুমুহাটোৱে ৪৪.৮০ লাখ লোকৰ ওপৰত প্ৰভাৱ পেলাইছে।

পশ্চিম বংগ আৰু ওড়িছাত সাগৰীয় ধুমুহাটোৰ আগমনৰ পূৰ্বেই ক্ৰমে পাঁচ আৰু দুই লাখ লোকক স্থানান্তৰিত কৰা হৈছিল।

কেবিনেট সচিব ৰাজীৱ গাউবাই বৃহস্পতিবাৰে এন চি এম চি (National Crisis Management Committee)ৰ এক বৈঠকত অধ্যক্ষতা কৰে আৰু পৰিস্থিতি পৰ্য্যালোচনা কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত বৈঠকখনত পশ্চিম বংগ আৰু ওড়িছাৰ মুখ্য সচিবৰ লগতে বিভিন্ন মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ভাগ লয়।

পশ্চিম বংগলৈ এন ডি আৰ এফৰ অতিৰিক্ত বাহিনীও প্ৰেৰণ কৰা হৈছে।

Related News