ৰেমালৰ সংহাৰী ৰূপ : মিজোৰামত শিলৰ কুৱেৰী ভাঙি ১০ জনৰ মৃত্যু, কেইবাজনো নিৰুদ্দেশ

মঙলবাৰে পুৱা মিজোৰামৰ আইজল জিলাত ঘূৰ্ণী বতাহ ৰেমাল আৰু অবিৰত বৰষুণৰ ফলত শিলৰ কুৱেৰী ভাঙি পৰাত দহজন লোকে মৃত্যুক সাৱটি লয়। এই দুৰ্ঘটনাত ১০ জনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৬ বজাত আইজল চহৰৰ দক্ষিণ উপকণ্ঠৰ মেলথাম আৰু হ্লিমেনৰ মাজৰ এটা অঞ্চলত সংঘটিত হয় এই ঘটনা।

এই পৰ্যন্ত দহটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে প্ৰবল বৰষুণৰ ফলত অভিযানত প্ৰভাৱ পৰিছে।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, নিহতসকলৰ ভিতৰত ৭ গৰাকী স্থানীয় লোক, বাকী তিনিজন বহিঃৰাজ্যৰ।

খবৰ অনুসৰি ১০ জনতকৈ অধিক লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

বৰষুণৰ ফলত ৰাজ্যৰ আন কেইবাটাও স্থানত হোৱাৰ ভূমিস্খলনৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

আইজলৰ চেলেম ভেঙত ভূমিস্খলনে এটা অট্টালিকা উটুৱাই নিয়াৰ পিছত তিনিজন লোক নিৰুদ্দেশ হয়। এজন বিষয়াই জানিবলৈ দিয়া মতে তেওঁলোকৰ সন্ধানত অনুসন্ধান অব্যাহত আছে।

হান্থাৰত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ৰাজ্যৰ আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে আইজল চহৰ।

তদুপৰি কেইবাটাও আন্তঃৰাজ্যিক ঘাইপথতো ভূমিস্খলনৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে।

মুখ্যমন্ত্রী লালডুহোমাই গৃহমন্ত্রী কে সপদাংগা, মুখ্য সচিব ৰেণু শর্মাকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে এক জৰুৰী বৈঠক আহ্বান কৰি পৰিস্থিতিৰ বুজ লৈছে।

ৰাজ্যখনত ৰেমালৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰাৰ লগতে জৰুৰীকালীন সেৱাৰ চাকৰিয়াল সকলৰ বাহিৰে আন কৰ্মচাৰী সকলক ঘৰৰ পৰাই কাম কৰিবলৈ দিয়া হৈছে।