এখন শুদ্ধ তথা বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবে বিভিন্ন দাবী উত্থাপন হৈ থকাৰ মাজতে ৰহস্যজনকভাৱে একাংশ ‘ডি ভোটাৰ’ৰ নাম নাগৰিকপঞ্জীৰ খচৰাত প্ৰকাশ পোৱা ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে, দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলত বহু স্বদেশীৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰাৰ বিপৰীতে বহু ‘ডি ভোটাৰ’ৰ নাম নাগৰিকপঞ্জীৰ খচৰাত প্ৰকাশ পাইছে।
তাৎপৰ্যপূৰ্ণভাৱে এই ‘ডি ভোটাৰ’সকলে আনৰ লিগেচি ডাটা ব্যৱহাৰ কৰি নাগৰিকপঞ্জীৰ খচৰাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এইদৰে আনৰ লিগেচি ডাটা ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা ‘ডি ভোটাৰ’কেইজন হৈছে জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত ১নং আৰিমাৰি গাঁৱৰ ৪নং ৱাৰ্ডৰ মহিজান নেছা, ৰহমান আলী, গুলেছা বেগম আৰু মনোহৰ হুছেইন।
অভিযোগ অনুসৰি ওজাগাঁও পঞ্চায়তৰ ২নং মাগুৰমাৰী গাঁৱৰ আব্দুল্লা নামৰ লোকজনৰ লিগেচি মহিজান নেছাই ব্যৱহাৰ কৰি সাতজন লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত কৰিছে। ইপিনে, এন আৰ চিৰ পুনৰীক্ষণৰ সময়ত এইসকল ‘ডি ভোটাৰ’ ৭নং এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াৰ ওচৰত আব্দুল্লা নামৰ লোকজনৰ লিগেচি তেওঁলোকৰ নহয় বুলি লিখিত জবানবন্দী দিছিল।
আনহাতে, ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰা সন্দেহজনক নাগৰিককেইজনৰ নাম নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত প্ৰকাশ পোৱাৰ বিপৰীতে প্ৰকৃত লিগেচি থকা আব্দুলাৰ পৰিয়ালৰ এজনৰো নাম নাহিল চূড়ান্ত খচৰাত।
শনিবাৰে আব্দুল্লাৰ নাতি চৈয়দ ইবনে আবু নাছেৰে মঙলদৈ প্ৰেছ ক্লাবত উপস্থিত হৈ কেনেকৈ আনৰ লিগেচি ব্যৱহাৰ কৰি ‘ডি ভোটাৰ’ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হ’ল সেই সম্পৰ্কত তথ্য-পাতি প্ৰদৰ্শন কৰি বিষয়টোৰ ন্যায়িক তদন্ত দাবী কৰে।
ইপিনে প্ৰকৃত লিগেচি ডাটা থকা আব্দুল্লাৰ পৰিয়ালৰ এঘাৰজন সদস্যৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে পৰিয়ালে।