আদালতৰ ৰায়ৰ পিছতো পুনৰ স্বদেশী মহিলালৈ ‘ডি-ভোটাৰ’ৰ জাননী প্ৰেৰণ

d-voter-750x375

এন আৰ চিক লৈ ৰাজ্যত বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে আজি পুনৰ এগৰাকী মহিলাই এন আৰ চিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ভুক্তভোগী মহিলাগৰাকীৰ নাম ৰানু সমদদাৰ। ঘটনাৰ বিৱৰণি মতে বঙাইগাঁৱত জন্ম গ্ৰহণ কৰা ৰানু সমদদাৰে ১৫ বছৰ বয়সতে নলবাৰীৰ প্ৰয়াত শংকৰ সমদদাৰ নামৰ লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

বৰ্তমান পাঁচটা সন্তানৰ মাতৃ ৰানুলৈ ২০০৪ চনতে নলবাৰী আৰক্ষীয়ে ‘ডি ভোটাৰ’ বুলি এখন চমন প্ৰেৰণ কৰিছিল। পিছত ৰানুসহ পৰিয়ালৰ লোকে দণ্ড ন্যায়াধীশৰ কাশ চাপে আৰু ২০১৪ চনত আদালতে ৰানুক ভাৰতীয় নাগৰিক হিতাপে ৰায়দান দিয়ে।

মন কৰিব লগীয়া যে ইয়াৰ পিছতো ৰানুৰ এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নাহিল। বিপৰীতে ৪ জুলাইত পুনৰ ৰানুলৈ ‘ডি ভোটাৰ’ৰ জাননী আহে। এতিয়া ৰানু তথা পৰিয়ালৰ লোক উপায়বিহীন হৈ পৰিছে। আৰু এন আৰ চিৰ চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।