NORTHEAST NOW (Assamese)

দদৰাত বেংকৰ সন্মুখৰ পৰা CRPF জোৱানৰ পৰা ডকাইতে লুটিলে ৪ লাখ টকা

February 21, 2022 7:15 pm · মৃদুল প্ৰীতম ডেকা

কামৰূপৰ দদৰাত চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। দদৰা ষ্টেট বেংকৰ সন্মুখৰ পৰা পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে এহাল দম্পত্তিৰ পৰা কাঢ়ি লৈ গ’ল ৪ লাখকৈ টকা।

দম্পত্তিহালে বেংকটোৰ পৰা নিজৰ সাঁচতীয়া টকাখিনি উলিয়াই অনাৰ সময়তে হাজো দিশৰ পৰা গুৱাহাটী অভিমুখে অহা দুৰ্বৃত্তৰ দলটোৱে সংঘটিত কৰিছে এই ডকাইতি কাণ্ডৰ ঘটনা।

ডকাইতিৰ বলি হোৱা দম্পত্তিহাল হাজোৰ ৰামদিয়াৰ বঙালটোলাৰ ৰবিন পাঠক আৰু জুনু পাঠক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বেংকটোত কোনো নিৰাপত্তাৰক্ষী নিয়োজিত নথকাৰ বাবেই এই ডকাইতিকাণ্ড সংঘটিত হ’বলৈ পালে বুলি গ্ৰাহকসকলে অভিযোগ কৰিছে।

ভোক্তভোগী ৰবিন পাঠক এজন CRPFৰ জোৱান। ইতিমধ্যে দদৰা আৰক্ষীয়ে ডকাইতৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰিছে

Related News