• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত এনিমেল কৰিডৰৰ প্ৰশাসনৰ উচ্ছেদ অভিযানত ৰাইজৰ প্ৰতিবাদ

ৰিদিপ শৰ্মা, কলিয়াবৰ by ৰিদিপ শৰ্মা, কলিয়াবৰ
February 21, 2022 7:29 pm
Kaziranga animal corridor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ নিচেই সমীপৰ বনৰজা নামৰ এখন ব্যক্তিগত অতিথিশালাৰ অবৈধ নিৰ্মাণত যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে‌।

মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত হাতী আৰু জেচিবিৰ সহায়ত চলায় এই উচ্ছেদ।

Apply Now

উল্লেখ্যে যে বোকাখাতৰ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ২০১৮ বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি আংলং পাহাৰৰ শিল খনন আৰু এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল।

২০১৯ বৰ্ষৰ ১২ এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা বাগৰীৰ বনৰজা মটেল নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ নির্মাণৰত ৰান্ধনীশালাটো উচ্ছেদৰ জাননী জাৰী কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে।

উল্লেখ্যে যে কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰত অবৈধ নির্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই তৎপৰ হৈছিল গোলাঘাট,নগাওঁ জিলা প্ৰশাসনৰ লগতে বন বিভাগো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯ টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয়।

যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা দিছিল সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া CEC কমিটিয়ে৷

কিন্তু সেই সময় সীমাৰ ভিতৰত উচ্ছেদ নোহোৱাত পুনৰ পৰিবেশকৰ্মী ৰোহিত চৌধুৰীয়ে পুনৰ অভিযোগ দাখিল কৰাত তৎপৰ হৈ পৰে প্ৰশাসন।

সেই অনুসৰিয়েই ৫ফেব্ৰুৱাৰী তাৰিখে নগাঁও প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় কলিয়াবৰ মহকুমা প্ৰশাসনে। ৫ফেব্ৰুৱাৰী দিনটোত বাগৰীৰ লগতে কলিয়াবৰৰ আমগুৰিৰ তুচিতা বন ৰেষ্টোৰাত প্ৰশাসনৰ হাতোৰা পৰে।

আনহাতে কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ তুচিতা বন নামৰ ৰেষ্টোৰাখনত উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে‌। উচ্চেদৰ সময়ত নতুনকৈ নিৰ্মিত ৰেষ্টোৰাখনৰ এটা কোঠা ভাঙি পেলাই প্ৰশাসনে।

ইয়াৰ পাছতে পুনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে বাগৰীৰ লাহেকে চাই কেফে আৰু জঙ্গল চিটী নামৰ ৰেষ্টোৰাত প্ৰশাসনে উচ্ছেদ চলাই।

এই উচ্ছেদক অৱশ্যে একাংশই সহজ ভাবে লব পৰা নাই। কাজিৰঙাৰ এই এনিমেল কৰিডৰত একাংশ পুঁজিপতি লোকৰ ৰেস্তোৰা তথা বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান থকাৰ পাছতো প্ৰশাসনৰ হাতোৰা নপৰাত থলুৱা লোকক কৰা প্ৰৱঞ্চনাৰ প্ৰকৃত ছবি খন পোহৰলৈ আহিছে বুলি অভিযোগ কৰিছে।

এনিমেল কৰিডৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰৰ কুঁৱৰীটোলৰ পৰা ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথেদি হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি কলিয়াবৰ তিনিআলিৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয়।

উল্লেখযোগ্য যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বতে চাৰিটাকৈ এনিমেল কৰিডৰ থকাৰ পাছত পুনৰ পাঁচটাকৈ এনিমেল ক’ৰিডৰ নিৰ্মাণ কৰা সিদ্ধান্ত শংকিত হৈ পৰে সাধাৰণ লোকসকল।

সেয়ে ভেঁটি মাটি হেৰুৱাৰ ভয়ত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

যদিহে এই প্ৰতিবাদ চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেন্তে আগন্তক ৰাষ্ট্ৰপতি ভ্ৰমনৰ সময়চোৱাতো পুনৰ প্ৰতিবাদত বহাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই ।প্ৰতিবাদৰ বাবে ৰাজপথ কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।

ৰিদিপ শৰ্মা, কলিয়াবৰ

ৰিদিপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd