কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ নিচেই সমীপৰ বনৰজা নামৰ এখন ব্যক্তিগত অতিথিশালাৰ অবৈধ নিৰ্মাণত যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে।
মহকুমা প্ৰশাসনে বন বিভাগৰ সহযোগত হাতী আৰু জেচিবিৰ সহায়ত চলায় এই উচ্ছেদ।
উল্লেখ্যে যে বোকাখাতৰ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ২০১৮ বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা কাজিৰঙাৰ দক্ষিণে থকা কাৰ্বি আংলং পাহাৰৰ শিল খনন আৰু এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল।
২০১৯ বৰ্ষৰ ১২ এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা বাগৰীৰ বনৰজা মটেল নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ নির্মাণৰত ৰান্ধনীশালাটো উচ্ছেদৰ জাননী জাৰী কৰিছিল কলিয়াবৰ মহকুমা প্ৰশাসনে।
উল্লেখ্যে যে কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰত অবৈধ নির্মাণক লৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ পিছতেই তৎপৰ হৈছিল গোলাঘাট,নগাওঁ জিলা প্ৰশাসনৰ লগতে বন বিভাগো।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৯ টাকৈ এনিমেল কৰিডৰৰ অবৈধ নিৰ্মাণকাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয়।
যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে চাৰি সপ্তাহৰ ভিতৰত এই কৰিডৰসমূহত চলা নির্মাণকার্য সম্পূর্ণৰূপে ধ্বংস কৰিবলৈ নির্দেশনা দিছিল সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া CEC কমিটিয়ে৷
কিন্তু সেই সময় সীমাৰ ভিতৰত উচ্ছেদ নোহোৱাত পুনৰ পৰিবেশকৰ্মী ৰোহিত চৌধুৰীয়ে পুনৰ অভিযোগ দাখিল কৰাত তৎপৰ হৈ পৰে প্ৰশাসন।
সেই অনুসৰিয়েই ৫ফেব্ৰুৱাৰী তাৰিখে নগাঁও প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উচ্ছেদ অভিযান চলায় কলিয়াবৰ মহকুমা প্ৰশাসনে। ৫ফেব্ৰুৱাৰী দিনটোত বাগৰীৰ লগতে কলিয়াবৰৰ আমগুৰিৰ তুচিতা বন ৰেষ্টোৰাত প্ৰশাসনৰ হাতোৰা পৰে।
আনহাতে কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ তুচিতা বন নামৰ ৰেষ্টোৰাখনত উচ্ছেদ চলায় কলিয়াবৰ প্ৰশাসনে। উচ্চেদৰ সময়ত নতুনকৈ নিৰ্মিত ৰেষ্টোৰাখনৰ এটা কোঠা ভাঙি পেলাই প্ৰশাসনে।
ইয়াৰ পাছতে পুনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে বাগৰীৰ লাহেকে চাই কেফে আৰু জঙ্গল চিটী নামৰ ৰেষ্টোৰাত প্ৰশাসনে উচ্ছেদ চলাই।
এই উচ্ছেদক অৱশ্যে একাংশই সহজ ভাবে লব পৰা নাই। কাজিৰঙাৰ এই এনিমেল কৰিডৰত একাংশ পুঁজিপতি লোকৰ ৰেস্তোৰা তথা বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান থকাৰ পাছতো প্ৰশাসনৰ হাতোৰা নপৰাত থলুৱা লোকক কৰা প্ৰৱঞ্চনাৰ প্ৰকৃত ছবি খন পোহৰলৈ আহিছে বুলি অভিযোগ কৰিছে।
এনিমেল কৰিডৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰৰ কুঁৱৰীটোলৰ পৰা ৩৭ নংৰাষ্ট্ৰীয় ঘাইপথেদি হাজাৰ হাজাৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰি কলিয়াবৰ তিনিআলিৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয়।
উল্লেখযোগ্য যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বতে চাৰিটাকৈ এনিমেল কৰিডৰ থকাৰ পাছত পুনৰ পাঁচটাকৈ এনিমেল ক’ৰিডৰ নিৰ্মাণ কৰা সিদ্ধান্ত শংকিত হৈ পৰে সাধাৰণ লোকসকল।
সেয়ে ভেঁটি মাটি হেৰুৱাৰ ভয়ত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
যদিহে এই প্ৰতিবাদ চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেন্তে আগন্তক ৰাষ্ট্ৰপতি ভ্ৰমনৰ সময়চোৱাতো পুনৰ প্ৰতিবাদত বহাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই ।প্ৰতিবাদৰ বাবে ৰাজপথ কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।