NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীত পুনৰ ডকাইতি কাণ্ড, লুটি নিলে ধন,সোণ

April 4, 2022 4:01 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: April 4, 2022 4:02 pm

মহানগৰীৰ পল্টন বজাৰত ভয়ংকৰ ঘটনা ।

কিৰণশ্ৰী ৰেচিডেন্সিত প্ৰৱেশ কৰি চাৰি দুৰ্বৃত্তৰ দলে আজি দিন দুপৰতে ডকাইতি কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাসগৃহটোৰ চাৰি নং মহলাৰ গৌতম চাজেৰ, সঞ্জু চাজেৰ আৰু বিমলা চাজেৰৰ বাসগৃহত ডকাইতৰ দলটোৱে লুটপাত চলায়।

চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে অস্ত্ৰ দেখুৱাই লুটি নিয়ে ধন,সোণ।

সোমবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত ঘটে এই ডকাইতি কাণ্ড।

ডকাইতিৰ সময়ত বাসগৃহটোত আছিল দুগৰাকী মহিলা আৰু তেওঁলোকৰ সন্তান ।

দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই মহিলাকেইগৰাকীৰ পৰা লৈ যায় পিন্ধি থকা সোণৰ অলংকাৰ আৰু নগদ ধন।

Related News