• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহুৰ পিছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য ; কিন্তু কিয়?

নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত : এৰিডা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 4, 2022 4:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহুৰ পাছতে বৃদ্ধি পাব ফ্লেটৰ মূল্য। নির্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত।

তাৰ প্ৰভাৱতে ফ্লেটৰ দাম বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডাই।

Apply Now

সোমবাৰে এক সংবাদমেল এৰিডাই জানিবলৈ দিয়ে যে বিহুৰ পিছতে ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকাকৈ। এই মূল্যবৃদ্ধিৰ আঁৰত জড়িত হৈ আছে বহুকেইটা কাৰণ। ফ্লেটৰ মূল্যবৃদ্ধি হ’বলগীয়া কাৰণ সম্পর্কে অৱগত কৰে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডাৰ সভাপতি পি কে শৰ্মাই।

তেওঁ কয় “নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে প্রভাৱ পেলাইছে নির্মাণ খণ্ডত। ব্যয় বৃদ্ধিৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ প্রকল্পসমূহ প্রায় স্থবিৰ হৈ পৰিছে।

বিশেষকৈ বহনযোগ্য ঘৰ এতিয়া অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয় “অসমৰ বিল্ডাৰসকল বৰ্তমান উদ্বেগজনক পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এই পৰিস্থিতিত কেতবোৰ পদক্ষেপ গ্ৰহণৰ বাহিৰে আন কোনো বিকল্প নোহোৱা হৈ পৰিছে। নির্মাণ প্রকল্পবোৰৰ পৰা আৰ্জিত ৰাজহে আনকি নিৰ্মাণৰ ব্যয়ো সামৰি ল’ব পৰা নাই।”

তেওঁ পুনৰ কয় “২০২০ চনৰ পৰা নিৰ্মাণ খণ্ডৰ বাবে প্রয়োজন হোৱা সামগ্ৰীৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা পর্যন্ত বৃদ্ধি পাইছে। নিৰ্মাণত ব্যৱহাত ৰড় আৰু চিমেণ্টৰ দৰে মুখ্য কেঁচা সামগ্ৰীৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। ইফালে, বিক্রেতাসকলে মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত হোৱাকে ধৰি বিভিন্ন কাৰণ উল্লেখ কৰে।”

তেওঁ লগতে কয় “কভিড-১৯ৰ পাছত বৰ্তমানৰ মূল্যবৃদ্ধিৰ সংকটে ৰিয়েল ইষ্টেট ডেভ’লপাৰ্ছসকলৰ ওপৰত দ্বৈত আঘাত দিছে। কিয়নো তেওঁলোকৰ বাবে আনুমানিক সময়সীমা আৰু ব্যয়ৰ ভিতৰত প্ৰকল্প সম্পূৰ্ণ কৰাটো অসম্ভৱ হৈ পৰিছে।”

বিশেষকৈ ৰডৰ ক্ষেত্ৰত পৰিস্থিতি ইমানেই বেয়া হৈছে যে যোগানকাৰীসকলে উচ্চমূল্যতো অৰ্ডাৰ ল’বলৈ ইচ্ছুক নহয়। বর্তমান পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ আবাস যোজনাই হওক বা চৰকাৰৰ আন আন্তঃগাঁথনি প্রকল্পই হওক, সকলো নির্মাণ কার্য গুৰুতৰভাবে প্রভাবিত হৈছে।

তেওঁ কয় “বিক্ৰী নোহোৱা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা নাই যদিও অগ্রিম বুকিং কৰা ফ্লেটৰ মূল্যবৃদ্ধি কৰাত বাধা আছে। কিন্তু বর্তমান পৰিস্থিতিত পূৰ্বতে বুকিং কৰা মূল্যত ফ্লেট বিক্ৰী কৰাটো অসম্ভৱ হৈ পৰিছে। কাৰণ নির্মাণ ব্যয় বহু বৃদ্ধি পাইছে।

বর্তমান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰ আৰু এনচিআৰ ডেভ’লপাৰ্ছসকলে ইতিমধ্যে নির্মাণ সামগ্রী ক্রয় বন্ধ কৰি দিছে আৰু মূল্য যুক্তিসঙ্গত নোহোৱালৈকে কাম বন্ধ কৰি দিছে। দেশৰ বহু ৰাজ্যই এই সিদ্ধান্ত লৈছে।

বিগত আঢ়ৈ বছৰত ৰড, চিমেণ্ট আৰু অন্যান্য নির্মাণ সামগ্ৰীৰ মূল্য ক্রমান্বয়ে বৃদ্ধি হৈ আহিছে। এইবোৰ এতিয়া এক স্তৰত আকাশচুম্বী হৈছে আৰু যিটো সকলো ডেভ’লপাৰ্চৰ সামৰ্থৰ বাহিৰত। ইয়াত ১৯টা মুখ্য নির্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পৰিসংখ্যা সকলোৰে তথ্যৰ বাবে এক দৃষ্টান্ত হিচাপে দাঙি ধৰিছোঁ।

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এৰিডাৰ ২৬ মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত নিৰ্মাণৰ বৰ্ষিত ব্যয় পূৰণ কৰাৰ বাবে সর্বসম্মতিক্রমে ব’হাগ বিহুৰ পাছত সকলো ফ্লেটৰ মূল্য প্রতি বর্গফুটত ৬০০ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ব্যয় বৃদ্ধিৰ এই বাস্তব সত্যৰ পৰা কোনেও পৰিত্ৰাণ পাব নোৱাৰে। সেয়া নিজৰ ঘৰ নিৰ্মাণ কৰা ব্যক্তি হওক নাইবা ফ্লেটৰ ক্রেতাই হওক। প্ৰকল্পৰ সময়ছোৱাত ভৱিষ্যতৰ ব্যয়ৰ সঠিক ভবিষ্যতবাণী কোনেও কৰিব নোৱাৰে আৰু প্ৰকল্পটোৰ অস্তিত্ব ৰক্ষাৰ বাবে সকলো বিক্ৰী চুক্তি বৃদ্ধিৰ ধাৰা থকাটো অত্যাবশ্যকীয়। কিয়নো সেয়া সাম্প্রতিক পৰিস্থিতিত স্পষ্টভাবে প্রতিষ্ঠিত হৈছে।

উল্লেখ্য, আৰু ই আৰ এ আইন ২০১৬-এ নির্মাতা ক্ৰেতাৰ চুক্তি বৃদ্ধিৰ ধাৰা অন্তর্ভুক্ত কৰা নাছিল। দুর্ভাগ্যবশতঃ ৰাজ্যিক আৰ ই আব এৰ নিয়মসমূহে বাধ্যতামূলক ন’ এস্কেলেচন ধাৰাৰ সৈতে এখন খচৰা চুক্তি আৰোপ কৰিছিল। ইয়াৰ মাজতে কেইবাটাও ৰায় দিয়া হৈছে- যত কোৱা হৈছে যে ঘোষিত নিয়মবোৰে কোনো পৰিস্থিতিত আইনখন অগ্রাহ্য কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ দেশতে প্রযোজ্য ৰাষ্ট্ৰীয় ক্রেতা-নির্মাতা চুক্তি প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

এৰিডায়ে চুক্তিখনত এটা বৃদ্ধিৰ ধাৰা অন্তর্ভূক্ত কৰাৰ বাবে জোৰ দি আহিছে। সংশ্লিষ্ট সকলোৱে বুজিব লাগিব যে যদি নিৰ্মাণৰ অস্বাভাবিক বৃদ্ধিৰ বাবে বা আন কোনো বৈধ কাৰণত এজন প্ৰমটাৰ দেউলিয়া হৈ পৰে, তেন্তে প্রকল্পটো সম্পূর্ণ কৰাটো তেওঁৰ বাবে অসম্ভৱ হ’ব আৰু এয়া কেতিয়াও ফ্লেট ক্রেতাৰ সর্বোত্তম হিতব বাবে হ’ব নোৱাৰে। আমি প্রকল্প সম্পূর্ণ হোৱাৰ ম্যাগত ৬ মাহৰ সম্প্ৰসাৰণৰ বাবে আৰু ই আৰ এ কর্তৃপক্ষৰ ওচৰত আবেদন কৰি আহিছে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd