• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

জাননী পোৱাৰ পিছতে দুখীয়া পৰিয়ালটোৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিল। এই বিশাল জাননীখন দেখি পৰিয়ালৰ লোকসকল সম্পূৰ্ণ অবাক আৰু আতংকিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 3:18 pm
ফটোঃ এআই ।

ফটোঃ এআই ।

122
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনিক হাজিৰা কৰা লোকৰ কন্যা। দিনে উপাৰ্জন কৰি খোৱা পৰিয়ালত ডাঙৰ হোৱা। আৰু তেওঁলৈকে হেনো আহিল এক বিশাল কৰ ফাঁকিৰ জাননী! উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ পৰা পোহৰলৈ আহিছে এনে এক চাঞ্চল্যকৰ তথা উদ্বেগজনক ঘটনা।

সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আয়কৰ বিভাগে উন্নাওৰ দৈনিক হাজিৰা কৰা এজন লোকৰ কন্যালৈ ২০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰিছে। এই জাননী পোৱাৰ পিছতে দুখীয়া পৰিয়ালটোৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিল। এই বিশাল জাননীখন দেখি পৰিয়ালৰ লোকসকল সম্পূৰ্ণ অবাক আৰু আতংকিত হৈ পৰিছে।

Apply Now

জাননী লাভ কৰা ৰেশমী সবিতা নামৰ যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কান্দোনত ভাগি পৰে। তেওঁ কয়, “মই গোটেই জীৱনত ২০ হাজাৰ টকা দেখা নাই। তাত ২০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী কেনেকৈ আহিল?”

জাননীখনৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ লগতে কয়, “বেংকৰ বাহিৰে মই মোৰ আধাৰ বা পেন কাৰ্ড ক’তো ব্যৱহাৰ কৰা নাই। আনকি মই কোনো কোম্পানী খোলা নাই, গতিকে এই জাননী মোলৈ কিয় প্ৰেৰণ কৰা হ’ল?” বৰ্তমান এই পৰিয়ালটোৱে ন্যায়ৰ আশাত বিভিন্ন চৰকাৰী কাৰ্যালয়ত ঘূৰি ফুৰিছে।

মন কৰিবলগীয়া যে ৰেশমী সবিতা উন্নাওৰ গিৰিজা বাগৰ বাসিন্দা। স্নাতক হোৱাৰ পিছত ৰেশমীয়ে ঘৰতে চিলাইৰ কাম কৰে। পিতৃ অজয় ​​শংকৰ এজন এটা ব্যক্তিগত কাৰখানাৰ শ্ৰমিক। তেওঁলোকৰ ঘৰৰ অৱস্থা চালেই চৰম দৰিদ্ৰতাৰ কথা বুজিব পাৰি। ঘৰত ইটাৰ বেৰ। প্লাষ্টাৰ নাই। মজিয়াখনো কেঁচা। ঘৰৰ চালখন তিৰপালেৰে ঢাকি থোৱা।

যোৱা ৯ মে’ত তেওঁৰ নামত আয়কৰ বিভাগৰ এখন চিঠি ডাকযোগে ৰেশমীৰ ঘৰত উপস্থিত হয়। প্ৰথমে তেওঁলোকে বিষয়টো বুজিবলৈ এজন অধিবক্তাৰ কাষ চাপিছিল। অধিবক্তাই তেওঁলোকক জনাইছিল যে তেওঁলোকৰ ওচৰলৈ ২০ কোটি টকাৰ কৰৰ জাননী আহিছে। আৰু সেই কথাই ৰেশমী আৰু তেওঁৰ পৰিয়ালটোক স্তম্ভিত কৰি তোলে।

ৰেশমীয়ে আশংকা কৰে যে কোনোবাই নিশ্চয় তেওঁলোকক প্ৰতাৰণা কৰিছে। এই বৃহৎ আৰ্থিক দায়বদ্ধতাৰ পৰা মুক্তি পাবলৈ আৰু ন্যায়ৰ আশাত তেওঁ ইতিমধ্যে আয়কৰ বিভাগৰ ৰাজহুৱা অভিযোগ পৰ্টেল, স্থানীয় আৰক্ষী থানা আৰু চাইবাৰ কোষত লিখিত অভিযোগ দাখিল কৰিছে।

অৱশ্যে আয়কৰ বিভাগে এনে অসামঞ্জস্যপূৰ্ণ জাননী প্ৰেৰণ কৰাটো এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে ঘটনা সংঘটিত হৈছে। সেয়ে ৰেশমীৰ নথি-পত্ৰ ব্যৱহাৰ কৰি আন কোনোবাই ভুৱা আৰ্থিক লেনদেন কৰিছে নেকি সেই বিষয়েও তদন্ত চলাই আছে প্ৰশাসনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd