স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছটো দেশ মুক্ত হ’ব পৰা নাই বৰ্ণবৈষম্যৰ পৰা। মানুহৰ মন-মগজু অজিও বন্দীত্বৰ শিকলিৰে বন্ধা। উত্তৰ প্ৰদেশত পুনৰবাৰ দলিত হাৰাশাস্তিৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। এটা দলিত পৰিয়ালক বিবাহ ভৱন ভাড়াত লোৱাৰ অভিযোগতে নৃশংসভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলে অহিছে। অৱশ্যে আৰক্ষীয়ে এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি বিয়াৰ সময়ত এদল দুষ্কৃতিকাৰীয়ে বিবাহভৱনত উপস্থিত হৈ দৰা-কইনাৰ পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ কৰে। দুষ্কৃতিকাৰীৰ মতে তেওঁলোকে দলিত হোৱাৰ পিছতো বিবাহ ভৱন ভাড়া কৰি অনুষ্ঠান আয়োজন কৰিবলৈ সাহস কেনেকৈ কৰিলে? ইয়াৰোপৰি পৰিয়ালটোৰ কেইবাজনো সদস্যক লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে ঘটনা সন্দৰ্ভত থানাত লিখিত এজাহাৰ দাখিল কৰা হৈছে।
উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ৰাছৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বিয়াৰ বাবে ‘স্বয়ংভাৰ মেৰেজ হল’ নামৰ এটা বিবাহ ভৱন ভাড়াত লোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰবাৰে নিশা প্ৰায় ১০:৩০ বজাত বিবাহ অনুষ্ঠানৰ সময়ত হঠাতে প্ৰায় ২০ জন লোক ঘৰত প্ৰৱেশ কৰে। সকলোৰে হাতত লোহাৰ ৰড বা লাঠি আছিল। বিয়াৰ মণ্ডপত সোমোৱাৰ লগে লগে সিহঁতে হুলস্থুল কৰিবলৈ আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি দৰা-কইনাক পৰিয়ালৰ সন্মুখতে প্ৰহাৰ কৰে দুষ্কৃতিকাৰীয়ে। ইয়াৰে দুজন গুৰুতৰভাৱে আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰাঘবেন্দ্ৰ গৌতম নামৰ পৰিয়ালৰ এজন সদস্যই শনিবাৰে তেওঁ থানাত লিখিত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। এফআইআৰত অঞ্চলটোৰ বহু লোকৰ নাম উল্লেখ কৰা হৈছে। লগতে বহু লোকক বাহিৰৰ পৰা অনা বুলিও অভিযোগ উত্থাপন হৈছে।
ৰাছৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন সিঙে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। অভিযুক্তক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি সদৰী কৰিছে। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰু অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি সদৰী কৰিছে।