• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 4:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছটো দেশ মুক্ত হ’ব পৰা নাই বৰ্ণবৈষম্যৰ পৰা। মানুহৰ মন-মগজু অজিও বন্দীত্বৰ শিকলিৰে বন্ধা। উত্তৰ প্ৰদেশত পুনৰবাৰ দলিত হাৰাশাস্তিৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। এটা দলিত পৰিয়ালক বিবাহ ভৱন ভাড়াত লোৱাৰ অভিযোগতে নৃশংসভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলে অহিছে। অৱশ্যে  আৰক্ষীয়ে এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি বিয়াৰ সময়ত এদল দুষ্কৃতিকাৰীয়ে বিবাহভৱনত উপস্থিত হৈ দৰা-কইনাৰ পৰিয়ালক নিৰ্মমভাৱে প্ৰহাৰ কৰে। দুষ্কৃতিকাৰীৰ মতে তেওঁলোকে দলিত হোৱাৰ পিছতো বিবাহ ভৱন ভাড়া কৰি অনুষ্ঠান আয়োজন কৰিবলৈ সাহস কেনেকৈ কৰিলে? ইয়াৰোপৰি পৰিয়ালটোৰ কেইবাজনো সদস্যক লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে ঘটনা সন্দৰ্ভত থানাত লিখিত এজাহাৰ দাখিল কৰা হৈছে।

Apply Now

উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ৰাছৰা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বিয়াৰ বাবে ‘স্বয়ংভাৰ মেৰেজ হল’ নামৰ এটা বিবাহ ভৱন ভাড়াত লোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰবাৰে নিশা প্ৰায় ১০:৩০ বজাত বিবাহ অনুষ্ঠানৰ সময়ত হঠাতে প্ৰায় ২০ জন লোক ঘৰত প্ৰৱেশ কৰে। সকলোৰে হাতত লোহাৰ ৰড বা লাঠি আছিল। বিয়াৰ মণ্ডপত সোমোৱাৰ লগে লগে সিহঁতে হুলস্থুল কৰিবলৈ আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি দৰা-কইনাক পৰিয়ালৰ সন্মুখতে প্ৰহাৰ কৰে দুষ্কৃতিকাৰীয়ে। ইয়াৰে দুজন গুৰুতৰভাৱে আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ৰাঘবেন্দ্ৰ গৌতম নামৰ পৰিয়ালৰ এজন সদস্যই শনিবাৰে তেওঁ থানাত লিখিত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। এফআইআৰত অঞ্চলটোৰ বহু লোকৰ নাম উল্লেখ কৰা হৈছে। লগতে বহু লোকক বাহিৰৰ পৰা অনা বুলিও অভিযোগ উত্থাপন হৈছে।

ৰাছৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন সিঙে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। অভিযুক্তক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি সদৰী কৰিছে। পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰু অনুসূচিত জাতি আৰু জনজাতি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি সদৰী কৰিছে।

Tags: CasteBasedViolenceCasteDiscriminationDalitLivesMatterDalitRightsEqualityNowIndianHumanRightsJusticeForDalitsSocialJusticeStopCasteViolenceUttarPradeshNews
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd