NORTHEAST NOW (Assamese)

অসম আৰোগ্য নিধিলৈ ডালমিয়া চিমেণ্টৰ ২৫ লাখ টকাৰ সাহায্য

April 11, 2020 4:28 pm · এন ই নাও নিউজ
ডালমিয়া চিমেণ্ট

চিমেণ্ট কোম্পানী ডালমিয়া চিমেণ্টে ক’ৰ’না ভাইৰাছৰ সৈতে যুঁজাৰ বাবে অসম আৰোগ্য নিধিলৈ ২৫ লাখ টকৰা সাহায্য আগবঢ়াইছে।

চিমেণ্ট কোম্পানীটোৱে মেঘালয়ৰ মুখ্য মন্ত্ৰী্ সাহায্য পুজিলৈও ৫০ লাখ টকাৰ সাহায্য প্ৰদান কৰে।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩১,৩৭৭ গৰাকী লোকে মুঠ ৭০.৯৬ কোটি টকা অসম আৰোগ্য নিধিলৈ অনুদান হিচাপে আগবঢ়াইছে বুলি কয়।

বিত্ত মন্ত্ৰী শৰ্মাই তেওঁৰ দৰমহাৰ পৰাও প্ৰধান মন্ত্ৰী সাহায্য পুজিলৈ ১ লাখ টকা আৰু অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকাৰ সাহায্য আগবঢ়ায়।

‘‘প্ৰতিটো টোপাল গণনা হ’ব! মই প্ৰধান মন্ত্ৰী সাহায্য পুজিলৈ ১ লাখ আৰু অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকা সাহায্য হিচাপে আগবাঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি সকলোৱে নিজৰ প্ৰয়োজন অনুসাৰে সাহায্য আগবঢ়াই এই মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব,’’ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখে।

অসমত বৰ্তমানলৈ মুঠ ২৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত এগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

Related News