• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আইচ’শ্যলেচনত মহিলা ধৰ্ষণ কাণ্ড; গয়া আৰক্ষীৰ অনুসন্ধান আৰম্ভ, চিচিটিভি ফুটেজ পৰীক্ষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 11, 2020 4:35 pm

2 min read

deathh-1140x570

প্ৰতিনিধিত্বমূলক ফটো

3.6k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ হ’লেও গয়া আৰক্ষীয়ে আৰম্ভ কৰিছে আইচ’লেশ্যন কক্ষৰ মহিলা ধৰ্ষণ কাণ্ডৰ। উল্লেখ্য যে, ইতিমধ্যে মহিলা গৰাকী যোৱা ৬ এপ্ৰিলত ধৰ্ষিতা মহিলাগৰাকীৰ মৃত্যু ঘটিছে।

অতি অমানৱীয় ও জঘন্য এই কাণ্ডটো সংঘটিত হোৱাৰ বহুদিনৰ পিছত পোহৰলৈ আনিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ পত্ৰ ডেক্কান হেৰাল্ডে।

ডেক্কান হেৰাল্ডেৰ মতে মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ কৰিছে যে আইচ’লেশ্যনত থকা অৱস্থাত মেডিকেল কলেজৰ চিকিৎসা কৰ্মীৰ দ্বাৰা দুদিন ধৰি উপর্যুপৰি কৰা যৌন আতিশাৰ্য চলোৱাৰ পিছত অস্বাভাৱিক ৰক্তক্ষয়ৰ ফলত মহিলাগৰাকীৰ মৃত্যু ঘটে।

ঘটনাৰ বিৱৰণীৰ মতে বিহাৰৰ অনুগড় নাৰাইন মগধ মেডিকেল কলেজ এণ্ড হাস্পতাল (ANMMCH)ত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।

ডেক্কান হেৰাল্ডৰ উদ্ধৃতি অনুসৰি পঞ্জাৱৰ লুধিয়ানাত প্ৰব্ৰজিত শ্ৰমিকৰূপে কৰ্মৰত বিহাৰৰ গয়া জিলাৰ ২৫ বছৰীয়া মহিলা গৰাকীয়ে যোৱা ২৫ মাৰ্চত স্বামীৰ সৈতে আহি নিজ গৃহত উপস্থিত হয়।

বিহাৰলৈ উভিত অহাৰ পূৰ্বে লুধিয়ানাত দুমহীয়া গৰ্ভৱতী মহিলাগৰাকীয়ে গৰ্ভপাত কৰাইছিল।

পৰিয়ালৰ লোকৰ মতে গয়াত উপস্থিত হোৱাৰ পিছত মহিলাগৰাকী অত্যধিক ৰক্তক্ষয় হোৱাৰ বাবে যোৱা ২৭ মাৰ্চত ANMMCHৰ জুৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল।

ANMMCHত ভৰ্তি কৰোৱাৰ পিছত চিকিৎসকে ভ্ৰমণ বৃতান্ত শুনি ক’ৰ’না সংক্ৰমণৰ সন্দেহত ২৫ বছৰীয়া মহিলাগৰাকীক এপ্ৰিলৰ ২ আৰু ৩ তাৰিখে আইচ’লেশ্যনত ৱাৰ্ডত ৰাখে।

মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি আইচ’লেশ্যন কক্ষত ৰখাৰ সময়তে ANMMCHৰ চিকিৎসা কৰ্মীৰ দ্বাৰা মহিলাগৰাকীক দুদিন ধৰি ধৰ্ষণ কৰা হয়।

মহিলাগৰাকীৰ স্বাস্থ্যৰ নমুনা পৰীক্ষাত কোবিভ১৯ নিগেটিভ ওলোৱাৰ পিছত ANMMCHৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হয়।

ঘৰলৈ যোৱাৰ পিছত মিহলাগৰাকীয়ে চিকিৎস তথা চিকিৎসা কৰ্মীয়ে আইচ’লেশ্যনত থকা অৱস্থাত তাইক যৌন আতিশাৰ্য চলোৱাৰ কথা পৰিয়ালৰ আগত মহিলাগৰাকীয়ে  প্ৰকাশ কৰে বুলি ডেক্কান হেৰাল্ডত প্ৰকাশ পাইছে।

উল্লেখ্য যে যোৱা ৬ এপ্ৰিলত নিৰ্যাতিত মহিলাগৰাকী অত্যধিক ৰক্তক্ষয়ৰ ফলত মৃত্যু ঘটিছিল।

উক্ত ঘটনা আৰক্ষীক অৱগত কৰাৰ পিছত অভিযুক্তসকলক চিনাক্তকৰণ বাবে মহিলাগৰাকীৰ শাহুৱেকক ANMMCHলৈ যোৱা হৈ যদিও তেওঁ চিনাক্ত কৰিবলৈ সক্ষম নহ’ল।

ইফালে ANMMCHৰ অধীক্ষক ডাঃ ভি কে প্ৰসাদে এই ঘটনাটোক অতি গুৰুতৰ বুলি আখ্যা দি চিচিটিভিৰ ফুটেজৰ দ্বাৰা অভিযুক্তসকলক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।

ৰাষ্ট্ৰীয় মহিলা আয়োগে(NCW) বিষয়টোক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

NCW takes cognizance of the incident on a migrant woman in Bihar. She was at coronavirus isolation ward for suspect of COVID19, was sexually abused & died of excessive bleeding. Further alleged that the doctor attending her was responsible.

Read: https://t.co/dw2vS8yrJf pic.twitter.com/I9Olg2YYyt

— NCW (@NCWIndia) April 10, 2020

Tags: COVID-19

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd