• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মৰ ভিত্তিত অনুষ্ঠান বাতিল: ভাৰত নাট্যম শিল্পী মানচিয়াৰ সমৰ্থনত অনুষ্ঠান বয়কট দুই শিল্পীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 6:58 pm
Kerala temple bars artist over religion
203
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ ত্ৰিচুৰৰ কুদালমানিক্যম নৃত্য উৎসৱত হিন্দু ধৰ্মৰ নোহোৱাৰ বাবেই ভাৰত নাট্যম নৃত্যশিল্পী মানচিয়াৰ অনুষ্ঠান বাতিল কৰাৰ পিছত শিল্পীগৰাকীৰ কাষত ঠিয় দিছে আন কেইগৰাকীমান নৃত্যশিল্পীয়ে।

প্ৰখ্যাত নৃত্যশিল্পী দেৱিকা সজীৱন আৰু অঞ্জু অৰবিন্দে মানচিয়াৰ প্ৰতি সমৰ্থন জনাই কুদালমানিক্যম মন্দিৰ উৎসৱত অনুষ্ঠান পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছে।

দুয়োগৰাকী নৃত্যশিল্পীয়ে ঘোষণা কৰিছে যে তেওঁলোকে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নৃত্য কাৰ্যসূচীৰ পৰা নাম প্ৰত্যাহাৰ কৰিব।

নৃত্যশিল্পী দেৱিকাই সামাজিক মাধ্যমৰ পোষ্টত কয় যে তেওঁ এনে দুৰ্ভাগ্যজনক সমস্যাৰ সন্মুখীন হোৱা শিল্পী সকলৰ সৈতে থিয় দিব বুলি সিদ্ধান্ত লৈছে ।

আনহাতে এই সন্দৰ্ভত অধিক কঠোৰ সমালোচনা কৰিছে অঞ্জু অৰবিন্দে। তেওঁ কয় যে সমিতিয়ে মানচিয়াক হিন্দু বুলি এখন নথিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিল।

একে কাৰণতে আন শিল্পীসকলক এৰাই চলিবলৈ লোৱা সিদ্ধান্তৰো তেওঁ বিৰোধ কৰে। অৰবিন্দে কয় যে এগৰাকী শিল্পী হিচাপে কলা বা শিল্প ধৰ্মৰ বাহিৰত বুলি তেওঁ অৱগত আৰু ‘হিন্দু’ বুলি প্ৰচাৰ কৰি তেওঁ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে।

তেওঁ লগতে অভিযোগ কৰে যে কেইবাজনো শিল্পীক প্ৰাৰম্ভিক পৰ্যায়ত স্থান দিয়াৰ পিছত বিভিন্ন কাৰণ উল্লেখ কৰি শেষ মুহূৰ্তত অনুষ্ঠানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখ্য যে ২৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া কুডালমানিকিয়াম মন্দিৰ উৎসৱত নৃত্য প্ৰদৰ্শন কৰিবলগীয়া নৃত্যশিল্পী মানচিয়াক ধৰ্মীয় পৰিচয় দিবলৈ অস্বীকাৰ কৰাৰ পিছত প্ৰদৰ্শনকাৰীৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল।

মুছলমান ধৰ্মীয় হিচাপে ডাঙৰ-দীঘল হোৱা মানচিয়াই পিছলৈ ধৰ্ম ত্যাগ কৰে। বৰ্তমান কোনো ধৰ্ম নোহোৱা ব্যক্তি হিচাপে মানচিয়াই পৰিচয় দিয়ে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd