নিজৰ ধ্বংসৰ বাট নিজেই মোকোলাইছো আমি! আহি থকা দিনত তিনি গুণ বেছি বৃদ্ধি পাব পৃথিৱীৰ উত্তাপ

সৌসিদিনা গ্ৰীষ্মৰ প্ৰভাৱত ৰে’লৰ ছিগনেল গলি যোৱাৰ দৃশ্য দেখি চমকি উঠিছিল বিশ্ববাসী৷ এতিয়া তাতোকৈও অধিক ভয়াৱহ দিনৰ আগজাননী দিছে বিজ্ঞানীসকলে৷

বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰকাশ কৰ মতে আহি থকা দিন বোৰত পৃথিৱীৰ উত্তাপ তিনি গুণ বৃদ্ধি পাব ৷ ফলত মনুহৰ বাবে হয়তো বাসযোগ্য হৈ নাথাকিব আমাৰ এই মৰমৰ ধৰিত্ৰী৷
গৱেষণাটোৰ সৈতে জৰিত বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে আহি থকা দশকবোৰত জলবায়ু পৰিৱৰ্তনৰ ফলতেই পৃথিৱীৰ বহু ঠাইত অতি কমেও তিনিগুণ অধিক মাত্ৰাত তাপমাত্ৰা বৃদ্ধি পাব।

শেহতীয়াকৈ এখন পৰিৱেশ সম্পৰ্কীয় আলোচনাত এনে আশংকা ব্যক্ত কৰা হৈছে।

২১০০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূবৰ দৰে ঠাইবোৰত গ্ৰীষ্মই কালান্তক ৰূপ ধাৰণ কৰিব৷

হাৰ্ভাৰ্ডৰ জলবায়ু বিজ্ঞানী লুকাছ জেপ্পেটেলো আৰু তেওঁৰ সহযোগীসকলে ১,০০০ তকৈও অধিক কম্পিউটাৰৰ সহায়ত গাণিতিক বিশ্লেষণেৰে এনে ভৱিষ্যতবাণী কৰিছে৷ লৈছিল।বিজ্ঞানীৰ দলটোৱে ২০৫০ আৰু ২১০০ বৰ্ষৰ বাবে তাপৰ সাম্ভাৱ্য মাত্ৰা গণনা কৰি এনে সিদ্ধান্তত উপনীত হৈছে৷

ক্ষুদ্ৰ স্বাৰ্থ পূৰাবলৈ গৈ বাবে মানৱ জাতিয়ে এতিয়া নিজৰ বিপদ নিজেই মাতি আনিছে। ব্যাপক প্ৰকৃতি ধ্বংস আৰু অপৰিকল্পিত ভাবে স্থাপন কৰা কল-কাৰখানাই বঢ়াই তুলিছে ধৰিত্ৰীৰ উত্তাপ।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।

উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।

দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।
উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।

এণ্টাৰ্কটিকাত থকা জলবায়ু বিষয়ক গৱেষক ষ্টেফানো বাটিষ্টাই টুইটাৰত লিখিছিল, “এয়া ভয়াৱহ দিনৰ আগজাননী।”
মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. জুলি ব্ৰিঘাম-গ্ৰেটে কৈছে যে মেৰু অঞ্চল অধিক উষ্ণ হৈ পৰাৰ কাৰণ হ’ব পাৰে বিশ্বজুৰি পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হোৱা গৰম বায়ুৰ প্ৰবাহ।

জলবায়ু পৰিৱৰ্তনৰ ফলত বতাহ “গধুৰ” হৈ পৰিছে, যাৰ ফলত দক্ষিণ ফালে ঠাণ্ডা প্ৰবাহ আৰু উত্তৰদিশে গৰম প্ৰবাহ ববলৈ আৰম্ভ কৰিছে।

প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।

অধ্যয়নটো অনুসৰি, অধিক ভয়ংকৰ কথাটো এয়াই যে ২১০০ চনৰ ভিতৰত ক্ৰান্তীয় অঞ্চলবোৰত তপমাত্ৰা ১০০ ডিগ্ৰীৰ বেছি হ’ব পাৰে৷