অসহিষ্ণুতা! ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীক মুকলিকৈ ৰাজপথতে আক্ৰমণ ব্যক্তিৰ

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেন। ফটোঃ সংগ্ৰহীত।

শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ পিছত ৰাজহুৱাভাৱে আক্ৰমণৰ বলি হৈছে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনক। এই ঘটনাত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

দেশৰ ৰাজধানী কোপেনহেগেনৰ কুলটাৰভেট অঞ্চলৰ এটা ৰাস্তাত সংঘটিত হয় এই আক্ৰমণ। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এজন লোকে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আহি তেওঁৰ কান্ধত আঘাত কৰে।

ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচনৰ মাত্ৰ দুদিন পূৰ্বে দেশখনত সংঘটিত হয় এই আক্ৰমণ। ইউৰোপীয় ইউনিয়নৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেনে এই ঘটনাক ঘৃণনীয় কাৰ্য্য বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী ফ্ৰেডেৰিকচেনৰ ওপৰত কিয় আক্ৰমণ সংঘটিত হ’ল তাৰ তদন্ত চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমানলৈকে তেওঁলোকে আৰু ইয়াতকৈ বেছি একো কোৱা নাই।

লগতে পঢ়কঃ ভোটৰ কামাল! ৫ দিনত ৫৩৫ কোটি বৃদ্ধি পালে চন্দ্ৰবাবু নাইডুৰ পত্নীৰ সম্পত্তি

ঘটনাস্থলীত কৰ্তব্যৰত এজন আৰক্ষী বিষয়াই জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক তাৰ পৰা স্থানান্তৰ কৰা হয়।

বাতৰি মতে, আক্ৰমণৰ পূৰ্বে ফ্ৰেডেৰিকচেনে ইউৰোপীয় ইউনিয়নৰ নিৰ্বাচনত ছ’চিয়েল ডেম’ক্ৰেট দলৰ প্ৰাৰ্থী ক্ৰীষ্টেল শ্বালডেমজৰ সৈতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল।

ফ্ৰেডেৰিকচেনৰ দলটোৱে দেশৰ বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰৰ সৰ্ববৃহৎ দল। এতিয়ালৈকে এই দলটোৱে নিৰ্বাচনত নেতৃত্ব দি আহিছে। কিন্তু কেইবামাহো ধৰি দলটোৰ জনসমৰ্থন হ্ৰাস পাইছে।

লগতে পঢ়কঃৰঞ্জীতো খেলিছিল, টী-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰা চফটৱেৰ ইঞ্জিনিয়াৰ কোন এই সৌৰভ?

যোৱা ১৫ মে’ত ইউৰোপৰ আন এখন দেশ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক মুকলিকৈ গুলীওৱাৰ ঘটনা সংঘটিত হৈছিল। তেওঁ গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে যদিও তেওঁৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।