১৯৯৯ চনত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰাহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰক জীৱন্তে জ্বলাই হত্যা কৰা চাঞ্চল্যকৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰবীন্দ্ৰ পাল ওৰফে দৰা সিঙৰ মুক্তিৰ আবেদনত সন্মতি প্ৰদান কৰা নাই ওড়িশাৰ চৰকাৰে। চৰকাৰৰ শংকা যে দুটা দশকৰো অধিক সময় ধৰি কাৰাগাৰত বন্দী হৈ থকা দৰা সিঙে মুক্তি পালে ৰাজ্যখনৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ লগতে সামাজিক অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত ওড়িশা চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে।
বিগত ২৬ বছৰ ধৰি কাৰাবন্দী হৈ থকা ৬৭ বছৰীয়া দৰা সিঙে ২০২৪ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ত মুক্তিৰ বাবে আবেদন জনাইছিল। ইয়াৰ পাছতে শীৰ্ষ ন্যায়ালয়ে দৰাৰ আবেদনৰ সন্দৰ্ভত ওড়িশা চৰকাৰৰ মতামত বিচাৰিছিল। সেই সময়তো চৰকাৰখনে নেতিবাচক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। শেহতীয়াকৈ দৰাই পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ পাছত অহা ১৭ ছেপ্টেম্বৰত ইয়াৰ শুনানি হোৱাৰ কথা আছে। কিন্তু তাৰ পূৰ্বেই সুপ্ৰিম ক’ৰ্টৰ প্ৰশ্নৰ উত্তৰত ওড়িশা চৰকাৰৰ দণ্ডিত বন্দী বিষয়ক পৰ্যালোচনা ব’ৰ্ডে বৰ্তমানৰ পৰিস্থিতিত দৰাক মুক্তি দিয়াটো অনুচিত বুলি জনাইছে। যোৱা ৩১ আগষ্টত অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ কেন্দুঝৰ জিলা কাৰাগাৰৰ বাহিৰত দৰাৰ অনুগামী সংগঠন ‘দৰা সেনা’ৰ কৰ্মীসকলে প্ৰৰোচনামূলক শ্লোগান দিয়াৰ এক তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ব’ৰ্ডে এই সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, ১৯৯৯ চনৰ ২২ জানুৱাৰীত কেন্দুঝৰৰ মনোহৰপুৰত অষ্ট্ৰেলিয়াৰ মিছনেৰী গ্ৰাহাম ষ্টেইনছ আৰু তেওঁৰ দুই পুত্ৰ ক্ৰমে ফিলিপ আৰু টিমোথিক পুৰি মৰা ঘটনাত বজৰং দলৰ নামো সাঙোৰ খাইছিল। অভিযোগ অনুসৰি, কট্টৰ হিন্দুত্ববাদী দৰা সিং উক্ত সংগঠনটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল। সেই সময়ত বজৰং দলৰ ৰাজ্যিক সভাপতি আছিল প্ৰতাপ ষড়ংগী, যিগৰাকী বৰ্তমান বালেশ্বৰৰ বিজেপি সাংসদ আৰু নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য। এই ঘটনাত মূল অভিযুক্ত দৰা সিঙৰ যাবজ্জীৱন কাৰাদণ্ড হৈছিল যদিও তদন্তত বজৰং দলে ৰেহাই পাইছিল আৰু প্ৰতাপ ষড়ংগীয়েও এই ঘটনাৰ সৈতে তেওঁৰ সম্পৰ্ক অস্বীকাৰ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, শীৰ্ষ ন্যায়ালয়ত দৰাৰ হৈ আবেদন দাখিল কৰিছে জ্ঞানবাপী আৰু মথুৰা শ্বাহী ইদগাহ গোচৰৰ হিন্দু পক্ষৰ অধিবক্তা বিষ্ণুশংকৰ জৈনে।
ষ্টেইনছ হত্যাকাণ্ডৰ সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে এই ঘটনাক দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ বুলি অভিহিত কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত পোহৰলৈ অহা তথ্য অনুসৰি, জনজাতীয় লোকসকলক ধৰ্মান্তৰিত কৰাৰ অভিযোগ তুলি বজৰং দলকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে ষ্টেইনছৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰচাৰ চলাইছিল, যাৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হৈছিল। ইয়াৰ পাছত ২০০৭-২০০৮ চনতো ওড়িশাৰ কন্ধমল জিলাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত শতাধিক খ্ৰীষ্টান লোক নিহত হোৱাৰ লগতে বহু গীৰ্জা আৰু ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছিল, য’ত বিশ্ব হিন্দু পৰিষদ আৰু বনবাসী কল্যাণ পৰিষদৰ দৰে সংগঠনৰ নাম সাঙোৰ খাইছিল। এতিয়া ওড়িশা চৰকাৰৰ এই স্পষ্ট স্থিতিৰ পাছত অহা ১৭ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে দৰা সিঙৰ মুক্তিৰ আবেদন সন্দৰ্ভত কি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণৰ বিষয় হৈ পৰিব।





