• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটানৰ লক ডাউনৰ প্ৰভাৱ ভাৰতত! কৰ্ম সংস্থাপনহীন হ’ল সীমান্তৰ দৰঙামেলাৰ বহু পৰিয়াল

মানৱ সৰবৰাহকাৰীয়ে অঞ্চলটোৰ বহু লোকক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ দিছে চালান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 11, 2021 1:53 pm
bonnnnhnn
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথাতে আছে- “একালৰ বৃন্দাবন একালত পৰে ছন” – সেয়াই এতিয়া বাস্তৱত পৰিণত হৈছে বাক্সাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ দৰঙামেলা অঞ্চল।

ভূটান সীমান্তৰ দৰঙামেলা  এসময়ত ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত সদা ব্যস্ত এখন ঠাই।

Apply Now

চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ সতে ব্যৱসায়ৰ ক্ষেত্ৰত আছিল ব্যাপক যোগাযোগ।

ফলত সীমান্তৱৰ্তী ঠাইখন হৈ পৰিছিল ব্যৱসায়-বাণিজ্যৰ এক প্ৰাণকেন্দ্ৰ।

কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলটোত পৰিল লকডাউনৰ ব্যাপক প্ৰভাৱ। ২০২০ চনৰ পৰা কৰ’নাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ অন্য ঠাইৰ লগতে পূৰ্বোত্তৰ ভুটানৰ চামদ্ৰুপ ঝংখাৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ পথ বন্ধ কৰি দিয়ে।

ফলত ব্যাপক প্ৰভাৱ পৰে স্থানীয় লোকৰ ওপৰত।

ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিলে ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাবাসীক।

বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ।

উল্লেখ্য যে দৰঙামেলা অঞ্চলৰ পুৰুষ-মহিলা, যুৱক- যুৱতী সহবহু লোকে ভুটানৰ চামদ্ৰুপ ঝংখাৰ জিলা সদৰৰ বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠানত  দিন হাজিৰা কৰি পোহপাল দিছিল পৰিয়াল।

ইয়াৰ উপৰিও ভাৰত-ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিস্থান সমূহ নিৰ্ভৰ কৰে ভূটান ৰাষ্ট্ৰৰ নাগৰিক সকলৰ ওপৰত।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা কৰ’নাৰ বাবে ভূটান ৰাষ্ট্ৰৰ প্ৰৱেশ পথ সমূহ বন্ধ কৰা হয়।

ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰাৰ লগে লগে ভাৰত ভূটান সীমান্তৰ  দৰঙামেলা অঞ্চলৰ হেজাৰ হেজাৰ লোক হৈ পৰে কৰ্মসংস্থাপনহীন।

ভূটানী লোক সকলো ভাৰতত প্ৰৱেশ কৰিব নোৱাৰাত  ভূটানী লোক সকলৰ ওপৰত নিৰ্ভৰ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ প্ৰায় বন্ধ হৈ পৰিছে।

অন্ন-বস্ত্ৰৰ অভাৱত বহু শ্ৰমিকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে।

আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকলে নিজৰ সোণোৱালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজৰ পিতৃ মাতৃৰ লগত কৰ্মৰ সন্ধানত গতি কৰিছে বহিঃৰাজ্যলৈ।

এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ।

ইতিমধ্যে হতাশ হৈ একাধিক লোকে  আত্মহত্যা কৰাৰো ঘটনা ঘটিছে অঞ্চলটোত।

ভূটান সীমান্তৰ দৰঙামেলা অঞ্চলৰ শশীপুৰ, এন কে দৰঙ্গা, পাটকীজুলি, হৰতোলা, পাহাৰপুৰ, খৈৰেনী, চেচাপানী, কুমাৰীকাটা, পানীটেংকী, বগাজুলি, নাগাপুৰ আদি অঞ্চলৰ শ শ শ্ৰমিকে ভূটান ৰাষ্ট্ৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।

কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ দ্বাৰ, তাকে লৈ এতিয়া চিন্তিত  ভূটান সীমান্তবাসী ৰাইজ।

উল্লেখযোগ্য যে ভাৰতৰ নাগৰিকৰ বাবে ভূটানৰ প্ৰৱেশ পথ বন্ধ যদিও ভুটানৰ যানবাহনৰ চলাচল ভাৰত ৰাষ্ট্ৰৰ অসমৰ বাক্সা জিলাৰ উপৰিও বিভিন্ন জিলাৰ মাজেদি চলাচল অব্যাহত আছে

ইপিনে দৰিদ্ৰতাৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীয়ে অঞ্চলটোৰ লোকক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ দিছে চালান।

সময়ে সময়ে এনে মানৱ সৰবৰাহকাৰী আটক হৈছে আৰক্ষীৰ হাতত।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd