তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৪গৰাকী কিশোৰ-কিশোৰী

Victim of Human trafficking

ফটো: নৰ্থইষ্ট নাও।

কাম দিয়াৰ প্ৰলোভনেৰে লৈ যোৱা ৪গৰাকী কিশোৰ-কিশোৰীকে ধৰি এটা দলক দৰঙামেলা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

যোৱা ১ মাৰ্চৰ নিশা তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ পৰা মৰিয়ম মাৰ্ডি নামৰ এগৰাকী মহিলাই কাম দিয়াৰ প্ৰলোভনেৰে জম্মু-কাশ্মীৰলৈ নি থকা অৱস্থাত আৰক্ষীয়ে কিশোৰ-কিশোৰীকেইজনৰ সৈতে দলটোক উদ্ধাৰ কৰে।

মানৱ সৰবৰাহকাৰী গৰাকীয়ে ৰঙিয়াৰ এটা বাসগৃহত যুৱক, মহিলা আৰু কিশোৰ- কিশোৰী কেইজনক ৰাখি থৈছিল।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খবৰ: ইউক্ৰেইনৰ ১৮হাজাৰ শৰণাৰ্থীয়ে আশ্ৰয় লৈছে জাৰ্মানীত

কিশোৰ-কিশোৰী চাৰিজনে মানৱ সৰবৰাহকাৰীৰ কৱলত পৰাৰ উমান পাই দৰঙামেলা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটাই ৰঙিয়া আৰক্ষীৰ সহযোগত মুঠ ১৩ গৰাকী যুৱক, মহিলা আৰু কিশোৰ-কিশোৰীক উদ্ধাৰ কৰে।

ইয়াৰে ৯ গৰাকীক ৰঙিয়া আৰক্ষীক গতাই দিয়াৰ লগতে আন চাৰিগৰাকী যুৱক, কিশোৰ- কিশোৰীক দৰঙামেলা আৰক্ষী চকীলৈ লৈ আনে।

দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলেই মৰিয়ম মাৰ্ডি নামৰ  সৰবৰাহকাৰী গৰাকীক আটক কৰি সোধ পোচৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।