NORTHEAST NOW (Assamese)

কৰোণাত আক্ৰান্ত হোৱাৰ পাছত মানসিক চাপ কমাবলৈ ডাৰ্ক চকলেট খাওক : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

May 12, 2021 4:09 pm · এন ই নাও নিউজ

কৰোণা ভাইৰাচত আক্ৰান্ত হোৱাৰ পাছত মানসিক চাপ কমাবলৈ ডাৰ্ক চকলেট খাওক!

এই আজৱ পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে।

টুইটাৰযোগে ৯ মে’ত তেওঁ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা আগবঢ়োৱা ক’ভিড-১৯কালীন ডায়েটৰ তালিকাত কোৱা হৈছে যে মানসিক চাপ কমাবলৈ ৭০ শতাংশ ক’কযুক্ত ডাৰ্ক চকলেট খাওক কিছু পৰিমাণে।

তালিকাখনত ফলমূল, বাদাম, গাখীৰ, হালধিকে ধৰি আন কিছুমান খাদ্যও উল্লেখ আছে।

ডাৰ্ক চকলেট খাবলৈ উপদেশ দিয়াৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনক সামাজিক মাধ্যমত ব্যাপক সমালোচনা কৰা দেখা গৈছে।

সমালোচকসকলে স্বাস্থ্যমন্ত্ৰীজনক প্ৰশ্ন কৰিছে যে কৰোণাৰ ক্ষেত্ৰত ডাৰ্ক চকলেটৰ এই ভূমিকাৰ কিবা প্ৰত্যক্ষ প্ৰমাণ আছেনে?

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনে কৰোণাৰ চিকিৎসাৰ বাবে পতঞ্জলিৰ কৰোনিল টেবলেট খাবলৈ পৰামৰ্শ দি সমালোচতি হৈছিল।

Related News