NORTHEAST NOW (Assamese)

মঙলদৈ আৰক্ষীৰ হাতত অস্ত্ৰ-শস্ত্ৰসহ ২জন চোৰাং চিকাৰী আটক

September 26, 2018 5:02 pm · ময়ূখ গোস্বামী
Updated: September 26, 2018 5:06 pm

মঙলদৈ আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে এটা সফল অভিযানত দুজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বুধবাৰে মাজনিশা মঙলদৈ আৰক্ষীৰ এটা গোটে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি অস্ত্ৰ-শস্ত্ৰৰ সৈতে চোৰাং চিকাৰীকেইজনক ধৰিবলৈ সক্ষম হয়।

ধৃত চোৰাং চিকাৰী দুজনৰ এজন দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ কাচাৰীভেটিটোপৰ মইদুল ইছলাম আৰু আনজন নগাওঁ জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁওৰ আব্দুল আলী বুলি চিনাক্ত কৰা হৈছে। চোৰাং চিকাৰী কেইজনৰ পৰা অন্যন্য বস্তুৰ লগতে এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, ১২ ৰাউণ্ড সজীৱ গুলী এডাল ছাইলেঞ্চাৰ পাইপ জব্দ কৰিছে।

আৰক্ষীয়ে জনাইছে যে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা শিলবাৰী এলেকাত অস্ত্ৰ-শস্ত্ৰসহ মইদুল ইছলাম নামৰ এজন গঁড় চিকাৰীৰ উপস্থিতিৰ কথা জানিব পাৰি দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ শৰ্মা আৰু সহকাৰী আৰক্ষী অধীক্ষক (প্ৰবেশ্যনাৰী) পি ৰাজখোৱা, এছ আই জে দৈমাৰী আৰু আৰক্ষীৰ লোকে শিলবাৰীত এঠা তালাচী অভিযান চলায় আৰু ২নং কাচাৰীভেটীটোপৰ আব্দুল কাছেমৰ পুত্ৰ মফিজুল ইছলামক আটক কৰে।

অভিযুক্তজনে দেখুৱাই দিয়া অনুসৰি এখন ধাননি পথাৰৰ পৰা এটা ৩০৩ মাৰ্ক ৪ ৰাইফল, এটা মেগাজিন, এডাল ছাইলেঞ্চাৰ পাইপ আৰু ১২টা বিডিআৰ গুলী জব্দ কৰে।

জেৰাৰ সময়ত অভিযুক্তজনে নগাঁৱৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিঘাট গাঁৱৰ শ্বেইখ চান্দৰ পুত্ৰ  আব্দুল আলী জড়িত থকাৰ কথাও উল্লেখ কৰে। তাৰ পাছত জুৰীয়া আৰক্ষীৰ সহযোগত দৰং আৰক্ষীয়ে অভিযুক্ত আব্দুল আলীক আটক কৰে। বৰ্তমান আৰক্ষঙীয়ে অভিযুক্ত কেইজনক জেৰা কৰি আছে।

Related News