DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অঃ জাঃ যুঃ ছাঃ পঃৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 26, 2018 4:40 pm
198
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক ইনথেম গাওঁ পঞ্চায়তৰ ৰাইজ তথা যুৱ ছাত্ৰ কৰ্মীয়ে আজি বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়।

এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি দিনৰ ১১ বজাত মাৰ্ঘেৰিটা ৰংগ মঞ্চৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

সংগঠনটোৰ জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ, সাধাৰণ সম্পাদক কাঞ্চন বৰা, মাৰ্ঘেৰিটা আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি সম্পাদক ৰাহুল মালাকাৰ আৰু বিমল সিংহৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায় হায়, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে মাৰ্ঘেৰিটাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

উল্লেখযোগ্য যে পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী আৰোহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল দুবছৰো অধিক হ’ল যদিও আজিও পৰিৱৰ্তন নহ’ল বাট-পথৰ। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন জৰাজীৰ্ণ বাট-পথৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে ভুক্তভোগী ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়।

মাৰ্ঘেৰিটা সমষ্টি উন্নয়নত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই পিঠি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

সমষ্টিটোৰ অন্তৰ্গত পেঙেৰী, মাইচাংপানী, এন চি নগা পথাৰ আদি জৰাৰ্জীণ বাট-পথ অনুপযোগী হৈ পৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ বগাহাতীলৈ পৰিণত হোৱা, সমষ্টিটোত বিশুদ্ধ খোৱা পানী যোগান ধৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পাছতেই মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আৰু লগতে অনতিপলমে এই দাবী সমূহ সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে যুৱ-ছাত্ৰ পৰিষদে।

আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ ঝৰ্ণা পাটগিৰিয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমূহ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd