• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু ছোৱালী-বাংলাদেশী মুছলমান-লাভ জিহাদ-অসম আৰক্ষী-চেকুলাৰিজম সন্দৰ্ভত শিলাদিত্য দেবৰ মন্তব্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 19, 2019 8:36 pm
Siladitya Deb

শিলাদিত্য দেবৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰঙৰ বুঢ়া আৰক্ষী থানাত মহিলা-নিৰ্য্যাতনৰ অভিযোগক লৈ সৃষ্ট চাঞ্চল্যৰ মাজতে শাসকীয় বিধায়ক শিলাদিত্য দেবে বৃ্হস্পতিবাৰে হিন্দু ছোৱালী, বাংলাদেশী মুছলমান, লাভ জিহাদ, অসম আৰক্ষী, ডি জি পি কুলধৰ শইকীয়া, চেকুলাৰিজম আদি বিভিন্ন বিষয়ত মন্তব্য কৰিছে।

হোজাইৰ বিজেপি বিধায়কগৰাকীৰ মন্তব্যই নিজ দলৰ শাসন চলি থকা অৱস্থাত খোদ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনস্থ গৃ্হ বিভাগৰ অস্তিত্বতে কাৰ্য্যতঃ প্ৰশ্ন তুলিছে।

Apply Now

হিন্দু ছোৱালীৰ “কে’ছ”ত অসম আৰক্ষীৰ বিষয়াই বৃহৎ ধনৰ লেনদেনেৰে বাংলাদেশী মুছলমানৰ পক্ষ লোৱা বুলি দেবে গুৰুতৰ অভিযোগ তুলিছে।

“হাজাৰটা উদাহৰণ আছে। বাংলাদেশী মুছলমানৰ পক্ষত মাত মাতি বহু আৰক্ষী বিষয়াই তেওঁলোকক এৰি দিয়ে। হিন্দু ছোৱালী পলাই যোৱাৰ পাছত মাক-দেউতাকে কে’ছ দিলেও সেই গোচৰৰ তদন্তৰ বাবে নাযায়। কিয়নো তেওঁলোকে বৃহৎ পৰিমাণৰ পইচা পায়। আৰক্ষীয়ে পইচা লৈ হিন্দু ছোৱালীৰ গোচৰটো গ্ৰহণ নকৰে,” সংবাদমেলত দেবৰ মন্তব্য।

তেওঁ লগতে কয়, “বাংলাদেশী মুছলমান যুৱকে যদি এগৰাকী অসমীয়া ছোৱালীক উঠাই লৈ যায় তাৰ পাছত যদি আৰক্ষী থানাত গোচৰ দিয়া হয়, তেন্তে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ভয় কৰে। কিয়নো গোটেই গাঁৱৰ মানুহ ল’ৰাটো বচাবৰ বাবে ওলাই আহিব।”

সোণোৱালৰ গৃহ বিভাগৰ প্ৰতি দেবে “লাভ জিহাদ” সন্দৰ্ভত কিছু পৰামৰ্শও আগবঢ়াইছে।

“লাভ জিহাদ নিয়ন্ত্ৰণ কৰাৰ বাবে এটা চে’ল গঠন কৰি দিব লাগে। ২৪ ঘন্টা ইয়াক নিৰীক্ষণত ৰাখিব লাগে যে কেনেকৈ আমাৰ ছোৱালীবিলাকক তেওঁলোকে ট্ৰেপ কৰি লৈ যাব বিচাৰিছে। লগতে হিন্দু ছোৱালীৰ মাক-বাপেকে দিয়া গোচৰৰ সঠিক তদন্ত হৈছে নে নাই চে’লটোৱে নিৰীক্ষণ কৰি থাকিব লাগে,” দেবে কয়।

অসম আৰক্ষীৰ বীৰাঙ্গনাসকলক অধিক সক্ৰিয় কৰি তুলিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় শিলাদিত্য দেবে।

অসম আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগ উত্থাপন কৰি সঞ্চালক প্ৰধান কুলধৰ শইকীয়াকো সমালোচনা কৰে বিধায়কগৰাকীয়ে।

দেবৰ মতে, হিন্দু বা অসমীয়া সমাজৰ ক্ষেত্ৰত কুলধৰ শইকীয়াই দৃষ্টান্তমূলক কাম কৰা তেওঁ দেখা নাই।

“আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই তিনি মাহৰ সময়সীমাৰ ভিতৰত দৃষ্টান্তমূলক কাম কৰি দেখুৱাওক,” শইকীয়াৰ কাৰ্য্যকাল তিনি মাহৰ বাবে বঢ়োৱাৰ কথা উনুকিয়াই দেবে কয়। “অসমীয়া সমাজ বচাবৰ বাবে কুলধৰ শইকীয়াক তিনিমাহ সময় বৃদ্ধি কৰা হৈছে।”

আনহাতে, সংবাদমেলখনত অসমৰ ধৰ্মনিৰপেক্ষ লোকসকলকো আক্ৰমণৰ লক্ষ্য কৰি লয় নিজ মন্তব্যৰে বিতৰ্কৰ আৱৰ্তত সোমাই অহা বিধায়কজনে।

“যিসকল চেকুলাৰ বুলি কৈ থাকে, সেই অসমীয়া, বাঙালী আৰু মাৰোৱাৰী লোকসকলে নিজৰ জীয়ৰীক মুছলমান লোকৰ ঘৰত বিয়া দিব পাৰিব জানো? আমি চেকুলাৰিজমৰ কথা কৈ আছো, আনফালে আমাৰ হিন্দু ছোৱালীক লুটপাত কৰি লৈ গৈ আছে,” দেবে কয়।

শিলাদিত্য দেবৰ মতে, “ছেকুলাৰিজম” শব্দটো বেছিকৈ উচ্চাৰণ কৰে “মৌলবাদী সংগঠন”ৰ মানুহবোৰে।

“বাংলাদেশী মুছলমানৰ মুখতহে চেকুলাৰ শব্দটো বেছিকৈ শুনা যায়। বাংলাদেশী মুছলমানে চেকুলাৰৰ বোৰ্খা পিন্ধি সমাজখন ধ্বংস কৰিব বিচাৰিছে। তেওঁলোকক উচিত দণ্ড দিব লাগিব,” দেবৰ মন্তব্য।

দেবৰ মতে, “লাভ জিহাদ” অসমক মুছলিমপ্ৰধান ৰাজ্য কৰাৰ এটা পৰিকল্পনা বুলি মন্তব্য কৰি দেবে কয়, ‘‘হিন্দু ছোৱালী বিয়া পাতি জনসংখ্যা বৃদ্ধি কৰি অসম দখল কৰাই তেওঁলোকৰ লক্ষ্য।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd